Breaking

লিভ ইন নহয়, চাহিলৰ সৈতে নিকি যাদৱৰ বিয়া হৈছিল বহু বছৰ আগতেই

0 76

হত্যাকাৰী চাহিলৰ সৈতে ২৩ বছৰীয়া নিকি যাদৱে লিভ ইন কৰা নাছিল। চাহিলৰ সৈতে বহু বছৰ আগতেই নিকিৰ বিয়া হৈছিল। শেহতীয়াকৈ এই তথ্য পোহৰলৈ আহিছে। আনকি নিকি-চাহিলৰ বিয়াৰ পুৰোহিতেও সেই কথা প্ৰকাশ কৰিছে। উল্লেখ্য ভেলেণ্টাইন ডেৰ দিনাই আৰক্ষীয়ে নিকিৰ মৃতদেহ এটা ফ্ৰীজাৰত উদ্ধাৰ কৰিছিল। চাহিল গেহলটৰ বিৰুদ্ধে নিকিক চাৰ্জিং কেবলেৰে শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ অভিযোগ উঠিছিল।

হত্যাৰ পিছত নিকিৰ শৰীৰটো ফ্ৰীজাৰত ভৰাই থোৱা হৈছিল। দিল্লী আৰক্ষীয়ে আজি কৈছে যে নিকিয়ে প্ৰকৃততে চাহিল গেহলটৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। “অভিযুক্ত চাহিল আৰু নিকিয়ে ২০২০ চনৰ অক্টোবৰত নয়ডাৰ এটা মন্দিৰত বিবাহপাশত আৱদ্ধ হৈছিল। চাহিলৰ পৰিয়াল তেওঁলোকৰ বিবাহত অসন্তুষ্ট আছিল। চাহিলৰ পৰিয়ালে ২০২২ চনৰ ডিচেম্বৰত আন ছোৱালীৰ সৈতে চাহিলৰ বিয়া ঠিক কৰিছিল আৰু সেই ছোৱালীজনীৰ পৰিয়ালৰ পৰা এই কথা লুকুৱাই ৰাখিছিল যে চাহিলে ইতিমধ্যে নিকিক বিয়া কৰাইছিল”।

ইফালে, নিকিৰ দেউতাক সুনীল যাদৱে কৈছে যে তেওঁৰ পৰিয়ালৰ বিয়াৰ বিষয়ে জ্ঞাত নাছিল।তেওঁ কয় “পৰিয়ালৰ কোনেও নিকি আৰু চাহিলৰ বিবাহৰ বিষয়ে একো নাজানিছিল। আমি এইটো বিশ্বাস নকৰোঁ।”


অপৰাধ শাখাই নিকিৰ হত্যাৰ সন্দৰ্ভত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে, যাৰ ভিতৰত আছে চাহিলৰ পিতৃও। পুত্ৰক “ষড়যন্ত্ৰ”ত সহায় কৰাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। চাহিলৰ দেউতাক বীৰেন্দ্ৰ সিঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা চলাই আছে। তেওঁৰ বিৰুদ্ধে আইপিচিৰ ইউ/এছ ১২০বি (অপৰাধমূলক ষড়যন্ত্ৰ) গোচৰ ৰুজু কৰা হৈছে। বন্ধু, সম্পৰ্কীয় ভাই আৰু অভিযুক্ত চাহিল গেহলটৰ ভাতৃকে ধৰি আন ৪ জনকো গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য চাহিলে ২৩ বছৰীয়া নিকি যাদৱ নামৰ যুৱতীগৰাকীক ডাটা কেবলেৰে মেৰিয়াই শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল।

ইতিমধ্যে, চাহিল গেহলটে প্ৰেমিকা নিকি যাদৱক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। আৰক্ষীয়ে লগতে কয় যে, চাহিলে আৰক্ষীক নিকিৰ মৃতদেহ য’ত ৰাখিছিল তালৈ লৈ গৈছিল। সূত্ৰ অনুসৰি, হত্যাৰ আগতে, জব্দ কৰা এখন গাড়ীৰ ভিতৰত দম্পতীহালৰ মাজত তীব্ৰ তৰ্ক হৈছিল। হত্যাৰ দিনা ধৃত চাহিলে আন এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

পশ্চিম দিল্লীত ধাবা চলাই থকা ২৪ বছৰীয়া ফাৰ্মা স্নাতক চাহিলে হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত ভয় খাই মৃতদেহটো ফ্ৰীজআৰৰ ভিতৰত ভৰাই ৰখাৰ সিদ্ধান্ত লৈছিল।

Leave A Reply