Breaking

ইতিহাসৰ জ্ঞান নাথাকিলে একো ক’ব নালাগেঃ মুখ্যমন্ত্ৰী, অসম ম্যানমাৰৰ অংশ আছিল! কপিল চিবালৰ মন্তব্যত প্ৰতিক্ৰিয়া…

0 47

অসম ম্যানমাৰৰ অংশ আছিল বুলি কপিল চিবালে কৰা মন্তব্যই এতিয়া বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চিবালৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যিসকলৰ ইতিহাসৰ কোনো জ্ঞান নাই তেওঁলোকে এনে বিষয়ত একো কথা ক’ব নালাগে। মুখ্যমন্ত্ৰী শৰ্মাই কয় “যদি কাৰোবাৰ ইতিহাসৰ বিষয়ে জ্ঞান নাথাকে, তেন্তে তেওঁ এই বিষয়ে কোৱা উচিত নহয়। অসম কেতিয়াও ম্যানমাৰৰ অংশ নাছিল। ম্যানমাৰৰ মানুহে এবাৰ অসম আক্ৰমণ কৰিছিল।

এয়া হৈছে অসম আৰু ম্যানমাৰৰ মাজৰ সম্পৰ্ক। কিন্তু আজিলৈকে মই এনে কোনো তথ্য পোৱা নাই যিয়ে সূচায় যে অসম ম্যানমাৰৰ অংশ আছিল,” ।অসম এসময়ত ম্যানমাৰৰ অংশ আছিল বুলি জ্যেষ্ঠ অধিবক্তা কপিল চিবালে মন্তব্যৰ কৰাৰ বিষয়ত ক্ষ্যভ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। উল্লেখ্য উচ্চতম ন্যায়ালয়ত ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ৬ক দফাক প্ৰত্যাহ্বান জনাই দাখিল কৰা কেইবাখনো আবেদনৰ শুনানি চলি আছে। শুনানিৰ সময়তে চিবালে অসম ম্যানমাৰৰ অংশ আছিল বুলি মন্তব্য কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠে নাগৰিকত্ব আইনৰ সেই দফাক প্ৰত্যাহ্বান জনোৱা কেইবাখনো আবেদনৰ শুনানি আৰম্ভ কৰিছে। আজি শুনানিৰ তৃতীয় দিন আছিল। চিবালে কৈছিল যে অসম ম্যানমাৰৰ এটা অংশ আছিল আৰু তাৰ পিছত ব্ৰিটিছে ম্যানমাৰৰ এটা অংশ জয় কৰিছিল । পিছত অসমক ব্ৰিটিছৰ হাতত গতাই দিয়া হৈছিল । উচ্চতম ন্যায়ালয়ে কালি কেন্দ্ৰীয় চৰকাৰক ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসম আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ হোৱা অবৈধ প্ৰব্ৰজনকাৰীৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।

Leave A Reply