লামডিং আৰক্ষীৰ জালত কুখ্যাত তীৰ জুৱাৰী আটক।

অসাধু ব্যৱসায়ি যদি ডালে ডালে  লামডিং  আৰক্ষী ও পাতে পাতে।মূখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা হুংকাৰ দিয়াৰ  পিছতেওঁ গা লৰা নাই একাংশ অসাধু দুস্কৃতিকাৰী ব্যৱসায়িৰ। লামডিংত  একাংশ ব্যৱসায়ী অবৈধ ভাবে চলাই আ্ছে তীৰৰ ৰমৰমীয়া বেহা।হোজাই জিলাৰ অন্তৰ্গত লামডিং  আৰক্ষীৰ বৃহত সফলতা বুধবাৰ দুপৰীয়াৰ ভাগত লামডিং  চহৰৰ মাজমজিয়াত   আৰক্ষীৰ এটা দলে মোবাইল চেকিঙ কৰাৰ সময়ত এজন ঘৰি দোকানীক তীৰৰ টিকট বিক্ৰী কৰা দেখা পোৱাৰ সময়ত লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন কুমাৰ শর্মায়ে  তীৰ বিক্ৰী কৰা জুৱাৰীক    আটক কৰি  লামডিং  আৰক্ষী চকীত  লৈ যায়।  আৰক্ষীযে নিজৰ  তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে আন  কোনো লোকক  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

Related Articles