Breaking

অজ্ঞাত আততায়ীৰ গুলীত নিহত কুখ্যাত সন্ত্ৰাসবাদী শ্বাহিদ লতিফ…

0 41

জইচ-ই-মহম্মদৰ শীৰ্ষ নেতা কুখ্যাত সন্ত্ৰাসবাদী শ্বাহিদ লতিফক পাকিস্তানত অজ্ঞাত আততায়ীয়ে গুলীয়াই হত্যা কৰে। এই গৰাকী সন্ত্ৰাসবাদীৰ নিৰ্দেশত পাঠানকোট সেনা ছাউনীত ২০১৬ বৰ্ষৰ ২ জানুৱাৰীত আত্মঘাতী আক্ৰমন সংঘটিত হৈছিল। চাৰিটা সন্ত্ৰাসবাদীক দীৰ্ঘদিন প্ৰশিক্ষণ দিছিল শ্বাহিদ লতিফে। পাঠানকোটলৈ গোপন পথেৰে আত্মঘাতী সন্ত্ৰাসবাদী প্ৰেৰণ কৰি সেনা ছাউনীত আক্ৰমণ কৰা লতিফৰ নিৰ্দেশত আক্ৰমণ চলি থকা সময়তে ৩ জানুৱাৰীত পুনৰ এক বিস্ফোৰণে কঁপাই গৈছিল পাঠানকোট। জম্মু কাশ্মীৰত কূটাঘাত কাৰ্য সংঘটিত কৰাৰ লগতে নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ কৰা লতিফক আজি পুৱা পাকিস্তানৰ শিয়ালকোটৰ এটা মছজিদৰ সমীপত অজ্ঞাত আততায়ীয়ে গুলীয়াই হত্যা কৰে।

উল্লেখ্য যে ১৯৯৪ চনত জম্মুত গ্ৰেপ্তাৰ কৰা লতিফক ২০১০ বৰ্ষত ভাৰত চৰকাৰে দ্বিপাক্ষিক সম্পৰ্ক উন্নতি কৰাৰ স্বাৰ্থত ২৪ গৰাকী উগ্ৰপন্হীৰ সৈতে পাকিস্তানক গটাই দিছিল। এই পৰ্যন্ত পাকিস্তানৰ চৰকাৰে কোনে কি কাৰণত লতিফক হত্যা কৰিলে সেই বিষয়ে প্ৰকাশ কৰাৰ পৰা বিৰত আছে। যি নহওঁক লতিফৰ মৃতদেহ শিয়ালকোটৰ চিকিৎসালয়ত প্ৰত্যক্ষ কৰি ভাৰতৰ চোৰাংচোৱা সন্হাই স্বস্তিৰ নিশ্বাস পেলোৱা নিশ্চিত।

Leave A Reply