কলকাতাৰ হো চি মিন ক্ষেত্ৰত তিনিদিনীয়াকৈ ইনস্টিটিউট অৱ চ’চিয়েল এণ্ড কালচাৰেল ষ্টডিজ, ইন্ডিয়া (ISCS)ই আয়োজন কৰা পূর্বোদয় সাহিত্য উৎসৱত আজি উন্মোচিত হয় অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৰচনা কৰা উপন্যাস “উৰি গৈল ৰাজহংস”ৰ বাংলা অনুবাদ।(Novel Launched)

দেশ বিভাজনক বিষয়বস্তু হিচাপে লৈ ৰচিত প্রথমখন অসমীয়া উপন্যাসৰ বাংলা অনুবাদৰ শীৰ্ষক হৈছে ‘উড়ে গেল রাজহংস’। এই নামটি এটি প্ৰখ্যাত কামৰূপী লোকগীতৰ পংক্তিৰ পৰা লোৱা বুলি সদৰী কৰে ঔপন্যাসিক প্রমোদ কলিতাই। উপন্যাসখন বাংলা ভাষালৈ অনুবাদ কৰিছে নিবেদিতা চক্রৱর্তীয়ে । সম্পাদনা কৰিছে কটন বিশ্ববিদ্যালয়ৰ বাংলা ভাষা বিভাগৰ অধ্যাপক, বিশিষ্ট লেখক-নিবন্ধকাৰ ড° প্রশান্ত চক্রৱর্তীয়ে। উপন্যাসখনৰ পটভূমি হৈছে দেশবিভাজনৰ সময়ত হোৱা গণবিদ্ৰোহ৷
পশ্চিমবংগৰ বৰিশাল নোৱাখলিৰ হিন্দু নিধন কাণ্ড, ৰিফিউজিসকলৰ কৰুণ পৰিণতি, ক্ষমতাৰ লালসাত কংগ্রেছৰ ন্যস্ত স্বার্থ, গান্ধীজীৰ নেতিবাচক ভূমিকা, বামপন্থীসকলৰ বিষাক্ত ৰাজনীতিৰ ঘটনাক উপন্যাসখনৰ পাতলৈ তুলি অনা হৈছে ৷ গুৱাহাটী-তেজপুৰ তথা উজনি অসমো প্ৰতিফলিত হৈছে ইয়াৰ পটভূমিত। মনকৰিবলগীয়া যে এইখনেই প্রথম অসমীয়া উপন্যাস, য’ত ছিন্নমূল পূর্ববঙ্গীয় হিন্দু বাঙালীসকলৰ মর্মবেদনা তুলি ধৰা হৈছে।

উপন্যাসখনৰ বাংলা অনুবাদ উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ, পৰিৱেশবিদ মোহিত ৰায়, ‘দৈনিক যুগশঙ্খ’ কাকতৰ সম্পাদক চিন্ময় কুমাৰ দাস, সাহিত্যিক ভগীৰথ মিশ্র, অনাথবন্ধু চট্টোপাধ্যায় প্রমু্খ্যে কেবাগৰাকী গণ্যমান্য ব্যক্তিয়ে। উপন্যাসখন প্রকাশ কৰিছে বাংলা সাহিত্য সভা, অসম-ৰ তৰফৰ পৰা কলকাতাৰ অভিজাত প্ৰকাশন প্ৰতিষ্ঠান ‘বিস্তাৰ’-এ। পৰিৱেশক বিস্তাৰ তথা গুৱাহাটীৰ ‘অসম পাব্লিছিং কোম্পানী’।

