NRC-ত নাম থাকিলেও বিতাড়ন হব পাৰে – মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

NRC । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেওঁ স্পষ্টকৈ কয় যে, “NRC-ত নাম থাকিলেও যদি কোনো ব্যক্তিক বিদেশী বুলি চিনাক্ত কৰা যায়, তেওঁক ৰাজ্যৰ পৰা বিতাড়ন কৰা হ’ব।”

মুখ্যমন্ত্ৰীয়ে কয় —

  • NRC-ত বহু অনুপ্ৰৱেশকাৰীয়ে কৌশলে নাম সোমোৱাৰ চেষ্টা কৰিছিল।
  • NRC কেৱল এখন নথি, নাগৰিকত্বৰ একমাত্ৰ প্ৰমাণ নহয়।
  • “লাখ লাখ লোকক উভতাই পঠিয়াব পৰা সহজ কাম নহয়, কিন্তু যাক বিদেশী বুলি গম পালোঁ, তেওঁক উভতাই পঠিয়াম।”

তেওঁৰ অভিযোগ, NRC প্ৰক্ৰিয়াত কিছুমান বিষয়াই গাফিলতি কৰিছিল আৰু বাহিৰৰ কিছুমান লোকেও (যেনে — হৰ্ষ মণ্ডল) প্ৰভাৱ পেলোৱাৰ চেষ্টা কৰিছিল যাতে তালিকাখন বিভ্ৰান্তিকৰ হয়।

মুখ্যমন্ত্ৰীয়ে লগতে স্পষ্ট কৰে যে, এতিয়া NRC তথ্য়ক “চূড়ান্ত” বুলি ধৰিব নোৱাৰি — আৰু ইয়াৰ আধাৰত কোনোব্যক্তিয়ে স্থায়ী পট্টা নাপাব।

  • বহু অবৈধ বিদেশীক ধৰা পৰাৰ পাছত বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে।
  • যদিও বাংলাদেশে কিছুমান লোকক নিজৰ নাগৰিক হিচাপে স্বীকৃতি নিদিয়া বাবে তেওঁলোকক আকৌ উভতাই পঠিয়াব লগা হৈছে।


মুখ্যমন্ত্ৰীয়ে এই বহিষ্কাৰ অভিযানৰ ক্ষেত্ৰত ১৯৫০ চনৰ “Immigrants (Expulsion from Assam) Act” ব্যৱহাৰৰ কথা উল্লেখ কৰিছে, যাৰ জৰিয়তে এখন পূৰ্ণাঙ্গ বিচাৰ প্ৰক্ৰিয়াৰ অবিহনে জিলাখণ্ড আয়ুক্তই প্ৰত্যাহাৰৰ সিদ্ধান্ত ল’ব পাৰে।

Related Articles