
Nupur Bora । চৰকাৰে দৰমহা দি পুহি ৰখা ডকাইত আছিল নূপুৰ বৰা। কেৱল ধন চিনি পোৱা এই গৰাকী ৰাজহ চক্ৰ বিষয়াক মুখ্যমন্ত্ৰীৰ বিশেষ দুৰ্নীতি নিবাৰক কোষে ১৫ ছেপ্তেম্বৰ ২০২৫ৰ নিশা ৮-০০ বজাত আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে । সংবাদ মাধ্যমত ইতিমধ্যে নূপুৰ সন্দৰ্ভত বিভিন্ন খবৰ আৰু তথ্য প্ৰকাশ পাই আহিছে।
শেহতীয়া খবৰ অনুসৰি, প্ৰতিটো কামৰ বাবে নূপুৰ বৰাৰ আছিল নিৰ্ধাৰিত ৰেট ।
চিঠা নামজাৰি-প্রতিবিঘাত ৩০ ৰ পৰা ৪০ হাজাৰ টকা,উত্তৰাধিকাৰীৰ নামজাৰি-৭ ৰ পৰা ১০ হাজাৰ টকা প্রতিবিঘাত,মাটি বেচা-কিনাৰ অনুমতি- প্রতিবিঘাত ১৫ ৰ পৰা ৪০ হাজাৰ টকা,অট’মিউটেচনৰ বাবদ-৭ ৰ পৰা ১৫ হাজাৰ,
ৱাৰিচ সূত্রে নামজাৰি-প্রতিবিঘাত ৩০ ৰ পৰা ৪০ হাজাৰ টকা,
বাটোৱাৰৰ বাবদ -১৫ ৰ পৰা ২০ হাজাৰ টকা,
ম্যাদীকৰনৰ-২০ ৰ পৰা ২৫ হাজাৰ প্ৰতি বিঘাত,
নাম কর্তন বা নাম বাহাল ৰখা-১.৫ লাখৰ পৰা ২ লাখ টকা,
নাম শুধৰণি- ২০ ৰ পৰা ৩০ হাজাৰ টকা ।
যদি নূপুৰ বৰাৰ দৰে এগৰাকী প্ৰশাসনিক বিষয়াই কৰ্তব্য পালনৰ বাবদ এইদৰেই দৰ-দাম নিৰ্ধাৰণ কৰে, তেন্তে এনেকৈয়ে অসম দেশৰ ৫খন শ্ৰেষ্ঠ ৰাজ্যৰ তালিকাত অন্তৰ্ভূক্ত হ’বনে ? সেয়া এটা বৃহৎ প্ৰশ্নবোধক ।

