আয়ৰা খানৰ সৈতে বিয়াৰ স্থানত উপস্থিত হ’বলৈ ৮ কিলোমিটাৰ দৌৰিবলগীয়া হ’ল নুপুৰ শিখাৰ! কিন্তু কিয়…

উদয়পুৰত আৰম্ভ হৈছে ইৰা খান আৰু নুপুৰ শিখাৰৰ বিবাহ অনুষ্ঠান। বলীউডৰ মিষ্টাৰ পাৰফেকচনিষ্ট অৰ্থাৎ আমিৰ খানৰ ঘৰত সুখৰ পৰিবেশ। যোৱা ৩ জানুৱাৰীত এক অন্তৰংগ অনুষ্ঠানত অভিনেতাৰ কন্যা আয়ৰা খানৰ দীৰ্ঘদিনীয়া প্ৰেমিক নুপুৰ শিখাৰেৰ সৈতে পঞ্জীয়নভুক্ত বিবাহ হৈছিল। এতিয়া এই দম্পতীৰ উদয়পুৰত গ্ৰেণ্ড ৱেডিং। অহা ৭ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে আয়ৰা আৰু নুপুৰৰ এই পৰম্পৰাগত বিবাহৰ পূর্ব বিবাহ অনুষ্ঠান৷ এই সকলোবোৰৰ মাজতে এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ য’ত আমিৰ খানৰ জোঁৱাই নুপুৰে প্ৰকাশ কৰিছে যে তেওঁ কিয় ৮ কিলোমিটাৰ দৌৰি বিয়াৰ স্থানত উপস্থিত হৈছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত আয়ৰা খানৰ দৰা নুপুৰে প্ৰকাশ কৰিছে যে কিয় তেওঁ বিয়াৰ শোভাযাত্ৰাক ঘোঁৰাত উঠি বিয়াৰ শোভাযাত্ৰা অনাৰ পৰিৱৰ্তে ৮ কিলোমিটাৰ দৌৰিছিল। নুপুৰে ক’লে, মই আগতে মোৰ ঘৰৰ পৰা আয়ৰাৰ ঘৰলৈ দৌৰিছিলোঁ। এই পথৰ সৈতে মোৰ এক অতি বিশেষ সংযোগ আছে। ইয়াৰ এটা আৱেগিক কাৰণ আছে,” ইয়াৰ পিছত ভিডিঅ’টোত আয়ৰা খান আৰু নুপুৰে আনুষ্ঠানিকভাৱে স্বামী-স্ত্ৰী হোৱাৰ সিদ্ধান্ত লোৱা দিনটোৰ এক সুন্দৰ আভাসও দেখা গ’ল। ভিডিঅ’টোত দম্পতীহালৰ লগতে পৰিয়ালৰ সদস্যৰ সকলো মৰমলগা মুহূৰ্তৰে ভৰি পৰিছে।

খবৰ অনুসৰি দৰা-কইনাৰ পৰিয়াল আৰু অন্যান্য অতিথিৰ বাবে ১৭৬টা হোটেলৰ কোঠা বুকিং কৰা হৈছে। এই ৰাজকীয় বিয়াত প্ৰায় ২৫০ জন লোক উপস্থিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত ১৩ জানুৱাৰীত মুম্বাইত বলীউড উদ্যোগৰ বাবে কন্যা আয়ৰাৰ ৰিচেপচন পাৰ্টি আয়োজন কৰিব আমিৰ খানে, য’ত বি টাউনৰ সকলো ডাঙৰ তাৰকাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।


Related Articles