Breaking

অশ্লীল ভিডিঅ’, বিজেপিৰ বাৰাবাংকী সমষ্টিৰ প্ৰাৰ্থী উপেন্দ্ৰ সিং ৰাৱাটৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ…

0 19

পৱন সিঙৰ পিছত আন এজন প্ৰাৰ্থী। দেওবাৰে আছানচোলৰ বিজেপি প্ৰাৰ্থী পৱন সিঙে প্ৰাথিত্ব প্ৰত্যাহাৰ কৰাৰ পিছত সোমবাৰে বিজেপি সাংসদ উপেন্দ্ৰ সিং ৰাৱাটে উত্তৰ প্ৰদেশৰ বাৰাবাংকী আসনৰ পৰা তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কোৰ কথা ঘোষণা কৰে। তেওঁৰ এটা অশ্লীল ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সাংসদগৰাকীয়ে এই উক্ত সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা ঘোষণা কৰে। বাৰাবাংকীৰ বৰ্তমানৰ সাংসদ ৰাৱাটক আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰা প্ৰথম খন প্ৰাৰ্থীৰ তালিকাত স্থান দিয়া হৈছিল। ইয়াৰ পিছতে সাংসদগৰাকীৰ এটা অশ্লীল ভিডিঅ’ ভাইৰেল হৈ পৰে। ভিডিঅ’টোত উপেন্দ্ৰ সিং ৰাৱটক বিদেশী মূলৰ এগৰাকী মহিলাৰ সৈতে অতি বেয়া অৱস্থাত দেখা গৈছে। অৱশ্যে, বাৰাবাংকীৰ সাংসদজনে ভিডিঅ’টো ভুৱা বুলি অভিহিত কৰিছে আৰু এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে। এজাহাৰত সাংসদগৰাকীয়ে উল্লেখ কৰিছে যে একাংশ লোকে তেওঁক বদনামী কৰাৰ বাবেই ভুৱা ভিডিঅ’টো প্ৰস্তুত কৰিছে।


এক্সৰ এটা পোষ্টত ৰাৱাটে কয়, “মোৰ এটা সম্পাদিত ভিডিঅ’ ভাইৰেল কৰা হৈছে, যিটো দীপফেক এআই প্ৰযুক্তিৰ দ্বাৰা সৃষ্টি কৰা হৈছে, যাৰ বাবে মই এখন এজাহাৰ দাখিল কৰিছো। এই সন্দৰ্ভত, মই ৰাষ্ট্ৰপতিক ইয়াৰ তদন্ত কৰিবলৈ অনুৰোধ জনাইছো। মই নিৰ্দোষ প্ৰমাণিত নোহোৱালৈকে ৰাজহুৱা জীৱনত কোনো নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰো।”

Leave A Reply