ওদালগুৰি জিলা প্ৰশাসনৰ সৌজন্যত “আমাৰ গাঁৱত আমাৰ প্ৰশাসন”

ওদালগুৰি জিলা প্ৰশাসৰ সৌজন্যত ১১জানুৱাৰীত “আমাৰ গাঁৱত আমাৰ প্ৰশাসন” জৰিয়তে স্বাস্থ্য, শিক্ষা,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,খাদ্য আৰু অসামৰিক যোগান, জনস্বাস্থ্য কাৰিকৰী, সমাজ কল্যান,মীন পালন আৰু পশুপালন, হস্ততাতঁ আৰু বয়ন শিল্প বিভাগৰ বিভিন্ন আঁচনি সমূহৰ পৰ্যালোচনা সভা অনুষ্ঠিত হৈ যায়।

ওদালগুৰি জিলাৰ অন্তৰ্গত হৰিশিঙা, সোনাইজুলি, হাবিগাওঁ, বাগপুৰী, বড়িগাঁৱ, আৰু মোহনপুৰ ভিচিডিচিত অনুষ্ঠিত আমাৰ গাঁৱত আমাৰ প্ৰশাসন শীৰ্ষক কাৰ্যসূচীত ওদালগুৰি জিলাৰ উপায়ুক্ত পি উদয় প্ৰবীনৰ লগতে অতিৰিক্ত উপায়ুক্ত সকল,মহকুমধিপতি (সদৰ) ,সহকাৰী আয়ুক্ত সকলৰ উপৰিও বিভাগীয় বিষয়া কৰ্মচাৰী সকল উপস্হিত হৈ গাওঁৰ উন্নয়ন সঠিকভাবে হৈছে নে নাই ৰাইজৰ পৰা মতামত গ্ৰহন কৰে।

Related Articles