Breaking

ওদালগুৰি জিলা কেওট সন্মিলন, পশ্চিম কলাইগাঁও শাখাৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন…

0 1,053

 সদৌ অসম কেওট সন্মিলন, ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত পশ্চিম কলাইগাঁও শাখাৰ বালিপোতা খেলৰ পদোৰাম বৰাৰ বাসভৱনত  যোৱা ১১ মে বুধবাৰে দিনৰ ১০-০০ বজাত এখনি কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়।সভাত সভাপতিত্ব কৰে সদৌ অসম কেওট সন্মিলনৰ ৰাজ্যিক কাৰ্য্যকৰী সভাপতি কেশৱ চন্দ্ৰ চহৰীয়াই। সভাত শাখাটোৰ বিভিন্ন দিশ আলোকপাত কৰাৰ লগতে আগন্তুক সদৌ অসম কেওট সন্মিলন-ওদালগুৰি জিলা অধিৱেশন ,বি টি আৰ অধিৱেশন,দৰং জিলাৰ মণিটাৰিত অনুষ্ঠিত হবলগীয়া জল ডাঙৰীয়াৰ পূজা আৰু গুৱাহাটী আমিন গাঁওত ২০২৩ বৰ্ষৰ জানুৱাৰী মাহত অনুষ্ঠিত হবলগীয়া শতবৰ্ষ মহোৎসৱৰ অভিৱৰ্তনৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়।

সভাত উপবিষ্ট কেওট বিষয় ববীয়া সকলে কেওট জাতিৰ উত্তৰণ হেতু কৰিব লগীয়া কৰণীয় সম্পৰ্কে বক্তব্য আগবঢ়ায়। লগতে সদৌ অসম কেওট সন্মিলনৰ ৰাজ্যিক সাধাৰণ সম্পাদক ব্ৰজেন কাকতিয়ে ভিডিঅ’ ক’ল যোগে সভাত সংযোগ হৈ এই দৰে কয় -ঐতিহ্যমণ্ডিত অষ্ট্ৰিক মূলীয় কেওট জনগোষ্ঠীটো আজি পৰ্যন্ত পিছ পৰি ৰল। অনুসূচিত জাতিৰ মৰ্য্যদা প্ৰদান কেওট জনগোষ্ঠীৰ প্ৰাপ্য। সাংবিধানিক ভাবে এই অধিকাৰ সাব্যস্ত কৰিবলৈ নোৱাৰা পৰ্যন্ত সদৌ অসম কেওট সন্মিলনৰ নেতৃত্বত সমগ্ৰ অসমৰ কেওট জাতিয়ে সংগ্ৰাম চলাই যাব। গতিকে এই ক্ষেত্ৰত সন্মিলনে গ্ৰহণ কৰা নিৰ্ধাৰিত কাৰ্য্যসূচী সমূহত পশ্চিম কলাই গাওঁ শাখাই কিভাবে আগবাঢ়ি যাব সেই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰে।কেন্দ্ৰীয় নেতৃত্বই কেওট জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকলক কেওট জাতিৰ প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা কৰণাৰ্থে প্ৰস্তাৱ গ্ৰহণ কৰি ৰাজ্যিক সমিতিলৈ প্ৰেৰণ কৰে। সভাপতি কেশৱ চন্দ্ৰ চহৰীয়াই সভাত উপস্থিত থকা সকলো কেওট জ্ঞাতি তথা বিষয় ববীয়া সদস্য সদস্যাক আন্তৰিকতাৰে কামত লাগি জাতিটোৰ জাতীয় সত্তা মৰ্য্যদা অটুট ৰাখিবলৈ ব্ৰতী হবলৈ আহ্বান জনায়। লগতে অসমৰ সমগ্ৰ কেওট জনগোষ্ঠীৰ লোকসকলৰ সহায় সহযোগীতা কামনা কৰে।

Leave A Reply