ওদালগুৰি মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক অধিবেশন খনি ১৮ডিচেম্বৰত এদিনীয়া কাৰ্যসূচীৰে ওদালগুৰি পৌৰ সভাৰ সভা কক্ষত সামৰণি পৰে ।কাৰ্যসূচী অনুসৰি পুৱা ৮বজাত পতাকা উত্তোলন কৰে সন্মিলনীৰ সভাপতি গৌতম জ্যোতি তালুকদাৰে। স্মৃতি তৰ্পণ কৰে সম্পাদক নাৰায়ন ছেত্ৰীয়ে। পুৱা ৮-৩০ বজাত প্ৰতিনিধিৰ সন্মিলন।দিনৰ ১১ বজাত প্ৰতিনিধি সভা আৰু বিষয় বাচনি সভা উদ্বোধন কৰে মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ- সভাপতি সুৰেশ কলিতাই।দিনৰ ১.৩০ বজাত সন্মিলনীৰ সভাপতি গৌতম জ্যোতি তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া,খণ্ড মিচন সমন্বয়ক তথা ভাৰপ্ৰাপ্ত উপ পৰিদৰ্শক অশ্বিনী কুমাৰ বড়োই কয়- প্ৰাথমিক শিক্ষক সকল পথ প্ৰদৰ্শক। তেওঁলোকৰ জৰিয়তে সমাজৰ মূল্যৱান কাম সম্পন্ন কৰা হয়।

নতুন শিক্ষা নীতিৰ প্ৰতি শিক্ষক সকলে সহযোগ কৰিব লাগিবই।পেঞ্চনৰ ব্যৱস্হা সুচাৰুৰূপে পোৱাৰ ব্যৱস্হা কৰাৰ কথাও উল্লেখ কৰে। মুকলি সভাত আদৰণি ভাষন পাঠ কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি মিনেন চন্দ্ৰ দাসে।সভাত নিৰ্দিষ্ট বক্তা হিচাপে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ-সভাপতি সুব্ৰত ধৰ উপস্থিত থাকি সন্মিলনীৰ সাংগঠনিক দিশৰ বিষয়ে বক্তব্য ৰখাৰ লগতে বিদ্যালয় সমূহৰ আন্ত:গাঠনি, এজনীয় শিক্ষকৰ সমস্যা আদিৰ বিষয়ে বক্তব্য ৰাখি নতুন শিক্ষা নীতিয়ে শিক্ষক সমাজৰ প্ৰতি প্ৰত্যাহ্বান আহিব বুলি উল্লেখ কৰে।চৰকাৰী বিদ্যালয় সমূহত পাঠদানৰ সু-ব্যৱস্থা নথকাৰ বাবেই ব্যক্তিগত বিদ্যালয় সমূহত ছাত্ৰ ছাত্ৰী সকলৰ ভিৰ দেখা যায়। মুখ্য অতিথি হিচাপে জিলা প্ৰাথমিক শিক্ষা বিষয়া,জিলা মিচন সমন্বয়ক তথা বিদ্যালয় সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মই কয়- শিক্ষক সমাজে গুণগত শিক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব লাগিব। বুনিয়াদী শিক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলে দায়িত্ব ল’ব লাগিব। নতুন শিক্ষা নীতি আৰু গুণোৎসৱৰ বাবে সাজু হ’বলৈ আহ্বান জনায়।শিক্ষক সকলৰ সমস্যা সমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়ায়।নীতি নিয়মেৰে নিজৰ কাম কৰিলে সকলোৰে সুবিধা হয়। তেওঁ শিক্ষকে ই শিক্ষকৰ শত্ৰু বুলিও উল্লেখ কৰে।
ওদালগুৰি মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি ম: আব্দুল আলি, প্ৰাক্তন সম্পাদক শিৱনাথ ওজা্ পৌৰ সভাৰ সভাপতি ৰাকেশ বড়ো আদিয়ে ,নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায়।বিষয় বাচনি সভাত ২০২২-২০২৪ বৰ্ষৰ বাবে প্ৰমোদ বসুমতাৰীক সভাপতি আৰু নাৰায়ণ চেত্ৰীক সম্পাদক হিচাপে লৈ ওদালগুৰি মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সমিতাখন গঠন কৰা হয়।ইপিনে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাজ্যিক সদস্য হিচাপে হেমন্ত সূত্ৰধাৰ,দুলুমণি দেৱী আৰু ৰেণুকা দেৱীক নিৰ্বাচন কৰা হয়।

