Breaking

ওদালগুৰি জিলা যুৱ মৰ্চাৰ প্ৰশংসনীয় পদক্ষেপ

0 22

৪নবেম্বৰত অসম ৰাজ্যিক ভাৰতীয় জনতা যুৱ মৰ্চাৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ সকলো জিলাতেই ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক যুৱমৰ্চাই  থলুৱা সামগ্ৰীৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰাৰ লগতে মাটি চাকি বিতৰণ কৰি  ৰাইজৰ মাজত সচেতনতা অনাৰ প্ৰয়াস কৰাৰ সমান্তৰালকৈ ওদালগুৰি জিলা যুৱ মৰ্চাৰ সহযোগীতাতো থলুৱা অৰ্থনীতি মজবুত কৰা আৰু  থলুৱা শিল্পসমূহ জীয়াই ৰখাৰ উদ্দেশ্যেৰে একে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে । ৪নবেম্বৰত ভাৰতীয় জনতা পাৰ্টী ওদালগুৰি জিলা যুৱমৰ্চাৰ সহযোগত মাটিৰ চাকি-বাতি বিতৰন কৰা হয় ।  উক্ত কাৰ্য্যসূচীত  ওদালগুৰি জিলা যুৱমৰ্চাৰ  প্ৰভাৰী  বিশ্বজিৎ হাজৰিকা, ৰাজ্যিক তথ্য আৰু প্ৰযুক্তি বিভাগৰ সহ আহবায়ক  দিপজ্যোতি  ডেকা ওদালগুৰি জিলা ওদালগুৰি পৌৰ সভাৰ উপাধক্ষ্য প্ৰাচুৰ্য্য দাস , ওদালগুৰি জিলা যুৱমৰ্চাৰ সাধাৰণ সম্পাদক শ্ৰীযুত সমৰ হাজৰিকা  যুৱমৰ্চাৰ বিষয় ববীয়া অমৰ দাস,ৰোসন কুমাৰ সাহ,তোলেশ্বৰ বসুমতাৰী, গীতাঞ্জলী ছেত্ৰী, ডিগেন কোছ , সৰলা দাস,বিৰেঞ্চি চৌধুৰী, মণ্ডলৰ বিষববিয়া নিতুল মালিয়া,অনুপম শৰ্মা, ভক্ত গৌতম কে আদি কৰি বিজেপি দলীয় কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে । যুৱমৰ্চাই লোৱা  এই প্ৰসংসানীয় পদক্ষেপক ওদালগুৰি বাসী ৰাইজে শলাগিছে ।

Leave A Reply