Breaking

মানৱ সৰবৰাহৰ অভিযোগত ফ্ৰান্সে আটক কৰা ৩০৩ জন ভাৰতীয়ৰ ২৮০ জনক ফ্ৰান্সৰ এৰিবলৈ অনুমতি

0 61

ডুবাইৰ পৰা নিকাৰাগুয়ালৈ যোৱা ৰোমানিয়াৰ লিজেণ্ড এয়াৰলাইন্সৰ এখন বিমান বৃহস্পতিবাৰে পেৰিছৰ পৰা ১৫০ কিলোমিটাৰ দূৰৈৰ ভাট্ৰি বিমানবন্দৰত ইন্ধনৰ বাবে ৰৈছিল। মানৱ সৰবৰাহৰ তথ্য লাভ কৰি ফ্ৰান্স কৰ্তৃপক্ষই বিমানখন জব্দ কৰে। বিমানখনত থকা ৩০৩জন যাত্ৰীৰ অধিকাংশই ভাৰতীয়। ইয়াৰে ১৩ জন নাবালক। খবৰ অনুসৰি, তেওঁলোক সকলোৱেই নিকাৰাগুয়ালৈ গৈ আছিল মধ্য আমেৰিকাত গৈ অবৈধভাৱে আমেৰিকা বা কানাডাত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ কৰা হৈছিল।

এনে পৰিপ্ৰেক্ষিতত আইনী তদন্তৰ অন্তত যাত্ৰীসকলৰ ৩০৩ জনৰ ২৮০ জনক ফ্ৰান্সৰ পৰা যাবলৈ অনুমতি দিয়া হৈছে। বিমান সংস্থাটোৰ এজন অধিবক্তাৰ মতে, বিমানখনে আৱদ্ধ হৈ থকা বহু যাত্ৰীক পূৰ্বৰ গন্তব্যস্থান নিকাৰাগুয়াৰ পৰিবৰ্তে ভাৰতলৈ লৈ আহিব। বৰদিনৰ বাবে খৰ খেদাকৈ এই সিদ্ধান্ত কৰ্তৃপক্ষৰ । ফ্ৰান্সত থকা ভাৰতৰ দূতাবাসে পৰিস্থিতিৰ ‘আগতীয়াকৈ সমাধান’ৰ বাবে ফ্ৰান্স কৰ্তৃপক্ষক ধন্যবাদ জনায়। ইতিমধ্যে ভাৰতৰ আৱদ্ধ নাগৰিকসকলৰ সৈতে কনছুলাৰ প্ৰৱেশৰ সুবিধা দিয়া হৈছিল।

২১ মহীয়া শিশুকে ধৰি জাহাজখনত থকা প্ৰতিজন ব্যক্তিয়ে বৃহস্পতিবাৰৰ পৰা বিমানবন্দৰৰ টাৰ্মিনেলৰ ভিতৰতে আৱদ্ধ হৈ আছিল। সংগঠিত অপৰাধী দলে চলোৱা সম্ভাৱ্য মানৱ সৰবৰাহৰ বিশেষ ফৰাচী তদন্তৰ অংশ হিচাপে দুজন যাত্ৰীক গ্ৰেপ্তাৰ কৰা হয়। সমান্তৰালভাৱে আন একাধিক লোকে ফ্ৰান্সত আশ্ৰয় বিচাৰিছিল বুলি স্থানীয় প্ৰশাসনে প্ৰকাশ কৰিছে। ফ্ৰান্সৰ অভিযুক্তসকলে জনোৱা মতে, ১৩ জন নাবালক যাত্ৰীক বিশেষ প্ৰশাসনিক যত্নৰ অধীনত ৰখা হৈছিল।

মানৱ সৰবৰাহৰ সন্দেহত পেৰিছ কৰ্তৃপক্ষই আটক কৰি ৰখা এই ৩০৩জন যাত্ৰী দেওবাৰে স্থানীয় ন্যায়াধীশৰ সন্মুখত হাজিৰ হয়। বিষয়াসকলে জনোৱা মতে, বিমানবন্দৰতে তদন্ত তথা পৰীক্ষাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছিল। দেওবাৰৰ পৰা সোমবাৰলৈ স্থানীয় সময় অনুসৰি পুৱা ৯ বজাৰ পৰা যাত্ৰীসকলক জেৰা কৰে ন্যায়াধীশে।

উল্লেখ্য যে ফ্ৰান্সৰ আইন অনুসৰি, বিদেশীক ফ্ৰান্সৰ সীমান্ত আৰক্ষীয়ে চাৰিৰ পৰা আঠ দিনৰ বাবে আটক কৰিব পাৰে। বাধ্যতামূলক পৰিস্থিতিত বিদেশীক ২৬ দিনতকৈ অধিক নিজৰ জিম্মাত ৰাখিব নালাগে।

Leave A Reply