সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত (Oil ita super series national tennis) গুৱাহাটীত চলি থকা অইল-আইটা ছুপাৰ ছিৰিজ টেনিছৰ মুল ৰাউণ্ডৰ খেল সোমবাৰৰ পৰা আৰম্ভ হৈছে৷ ১২ আৰু ১৪ বছৰ অনূধ্বৰ্ ল’ৰা-ছোৱালীৰ ৰাষ্ট্ৰীয় ৰেংকিঙৰ প্ৰতিযোগিতাখনৰ আজি চাৰিওটা বিভাগৰে একক শাখাৰ মেচ অনুষ্ঠিত হয়৷ গুৱাহাটীৰ চচলস্থিত সদৌ অসম টেনিছ সন্থাৰ কমপ্লেক্সত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমদিনা আয়োজক অসমৰ খেলুৱৈয়ে প্ৰত্যাশিত প্ৰদৰ্শনৰে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে৷
সোমবাৰে পুৱা হোৱা ছোৱালীৰ ১৪ বছৰ অনূধ্বৰ্ৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ মেচত অসমৰ মৃগাক্ষী চাংমাই, সংস্কৃতি বৰা, ধ্যানা এ মৰং, কৃষ্টি হালৈ আৰু অভিপসা গগৈয়ে নিজৰ নিজৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে৷ আনহাতে, ল’ৰাৰ ১৪ বছৰ অনূধ্বৰ্ৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ মেচত অসমৰ আয়ান ৰহমান, অনিৰ্বান ডেকা আৰু চন্দ্ৰ ম’হান্তীয়ে হেলাৰঙে জয়লাভ কৰি দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হয়৷
১৪ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ লগতে আবেলি ১২ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰো একক শাখাৰ মেচ আৰম্ভ হয়৷ কিন্তু বৰষুণে দুঘণ্টা মেচ বিঘ্নিত কৰে৷ পাছত পুনৰ আৰম্ভ হয়৷ সূচী অনুসৰি আজি হ’বলগা সকলো প্ৰথম ৰাউণ্ডৰ মেচ নিশালৈ লাইটৰ পোহৰত অনুষ্ঠিত কৰি সমাপন কৰা হ’ব৷ কাইলৈ পূৱাৰ পৰাই দ্বিতীয় ৰাউণ্ডৰ খেল অনুষ্ঠিত হ’ব৷
ইফালে, পুৱা অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য মহাপ্ৰবন্ধক ৰামানুজ দত্তই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰে৷ সদৌ অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনোৱা অনুসৰি অইল ইণ্ডিয়া লিমিটেডে ২০০৮ চনৰ পৰাই প্ৰতি বছৰে এই প্ৰতিযোগিতাখন আয়োজন কৰাত সহযোগিতা আগবঢ়াই আহিছে৷ একক শাখাৰ লগতে কাইলৈৰ পৰা ডাবলছৰো খেল অনুষ্ঠিত হ’ব