Oily Foods: তেলীয়া খাদ্য অবিহনে পেটলৈ ভাত নাযায় নেকি ? অত্যধিক তেল খোৱাৰ আছে বহু অসুবিধা

বেছিভাগ চিকিৎসক, খাদ্য বিশেষজ্ঞ আৰু পুষ্টিবিদে তেলীয়া খাদ্য পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে, কিন্তু আপুনি কেতিয়াবা ভাবিছেনে তেলীয়া খাদ্য পৰিহাৰ কৰিবলৈ কিয় পৰামৰ্শ দিয়ে।(Oily Foods)ভাৰতত বহু ৰেচিপিত অত্যধিক তেল ব্যৱহাৰ কৰা হয়, বিশেষকৈ উৎসৱ, বিয়া আৰু পাৰ্টিৰ সময়ত য’ত তেলীয়া খাদ্যৰ প্ৰচুৰ পৰিমাণে থাকে। এনে অনুষ্ঠানত মানুহে অত্যধিক তেলীয়া খাদ্য গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। অত্যধিক তেলীয়া খাদ্য খোৱাৰ অসুবিধা-

১/ ওজন বাঢ়িব
তেলীয়া খাদ্যত অত্যধিক পৰিমাণৰ ট্ৰেন্স ফেট থাকিব পাৰে আৰু অতিৰিক্তভাৱে খালে ওজন বৃদ্ধি হ’ব পাৰে। এই তেল আপোনাৰ শৰীৰত অতিৰিক্ত কেলৰি আৰু চৰ্বিৰ উৎস হৈ উঠিব পাৰে, যাৰ ফলত আপোনাৰ ওজন বৃদ্ধি পায় আৰু পেটৰ চাৰিওফালে চৰ্বি জমা হ’ব পাৰে।

২/ হৃদযন্ত্ৰৰ সমস্যা
তেলীয়া খাদ্যত অধিক পৰিমাণৰ চেচুৰেটেড ফেট থাকে যিয়ে আপোনাৰ কলেষ্টেৰল আৰু ৰক্তচাপ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ সৃষ্টি হয়, যি হাৰ্ট এটেকৰ এটা প্ৰধান কাৰণ হৈ পৰিব পাৰে।

৩/ ডায়েবেটিছ ৰোগৰ আশংকা
অত্যধিক তেলযুক্ত খাদ্য খালে ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। ইয়াত অতিৰিক্ত তেল আৰু চেনি থাকে যিয়ে ইনচুলিন নিঃসৰণৰ ওপৰত হেঁচা প্ৰয়োগ কৰি ডায়েবেটিছৰ সৃষ্টি কৰিব পাৰে।

৪/ পেটৰ সমস্যা
তেলীয়া আৰু ডিপ ফ্ৰাইড খাদ্য সাধাৰণতে অতি সোৱাদযুক্ত, ইয়াৰ বাবেই মানুহে এনে বস্তু অত্যধিকভাৱে সেৱন কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত পেটৰ লগত জড়িত সমস্যা, গেছ, এচিডিটি, কোষ্ঠকাঠিন্য আৰু বদহজম আদি বৃদ্ধি পাব পাৰে।

৫) স্নায়ু আৰু গাঁঠি ফুলা
অত্যধিক তেলযুক্ত খাদ্য গ্ৰহণ কৰিলে শৰীৰৰ স্নায়ু আৰু গাঁঠিবোৰ ফুলি উঠিব পাৰে। গতিকে তেলত বনোৱা খাদ্য সীমিত পৰিমাণত খোৱাটো ভাল।

Related Articles