জৰাজীৰ্ণ উৰুখা পজাত দুৰ্বিসহ জীৱন অতিবাহিত জকাই ঘিটিৰা বৰবিল গাৱঁৰ বৃদ্ধা দম্পতীৰ

‘ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অধীনৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত জকাই ঘিটিৰা বৰবিল গাৱঁৰ অতিশয় দৰিদ্ৰতাৰে দুৰ্বিবহ জীৱন যাত্ৰাৰে জৰাজীৰ্ণ উৰুখা পজাত অতি দুখ যান্ত্ৰণাৰে জীৱন অতিবাহিত কৰিছে এহাল বৃদ্ধ দম্পতীয়ে।উল্লেখ যে জকাই ঘিটিৰা বৰবিল গাৱঁৰ নিৰ্বাসী ভূগিৰাম সোনোৱাল আৰু মাতো সোনোৱালে আকাশৰ তৰা জিলিকা উৰুখা পজাত ৰ’দ আৰু বৰষুণ পৰা অতিকৈ যান্ত্ৰণাকাতৰ দুৰ্বিসহ জীৱন কটাইছে ।বিগত অগপ চৰকাৰ দিনতেই এটি সামান্য গৃহ চৰকাৰী ভাৱে আৱন্টন পাইছিল যদিও সেই গৃহটো জহিখহি উৰুখা পৰ্যায়লৈ পৰ্যবসিত হোৱাৰ পিছত কথমপি সৰু গৃহ এটা নিৰ্মাণ কৰি বসবাস কৰি আহিছে দুৰ্ভগীয়া পৰিয়লটোৱে।আৰ্থিক দুৰ্দশা আৰু দৰিদ্ৰতাই কোঙা কৰি সৰ্বহাৰাত পৰিণত জকাই ঘিটিৰা বৰবিল গাৱঁৰ নিৰ্বাসী ৭০বছৰীয়া ভূগিৰাম সোনোৱাল আৰু ৬৫বছৰীয়া মাতো সোনোৱালে উৰুখা পজাঁত বৰ্তমান এদিনেই এযুগৰ দৰে দিন অতিবাহিত কৰিছে । নাই পনী খাৱলৈ টিউবেল ; নাই শৌচাগাৰ একেটা ঘৰতে হাঁহ কুকুৰ লগতে বসবাস কৰিবলগীয়া হৈছে। নিজেই নিজক শাসন কৰা যি ব্যৱস্থা সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ বিভিন্ন আছনি ও গাঁৱ পঞ্চায়তৰ আছনিৰ অধিনৰ প্ৰধান মন্ত্ৰী আবাহ যোজনাৰ আছনি ও ধুকি পোৱা নাই এই দৰিদ্ৰতাই জোৰোলা কৰা বৃদ্ধ দম্পতী হালক।সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদে বিতৰণ কৰা হাজাৰ হাজাৰ টিউবেল বিতৰণৰ আছনিও যোগ্য নোহোৱা তথা প্ৰধান মন্ত্ৰী আবাহ যোজনাইয়ো ধুকি নোপোৱা এই বৃদ্ধ দম্পতীৰ হাল

Related Articles