Breaking

অলিম্পিক আৰু অসমীয়া ক্ৰীড়াবিদ…

0 2,051

আন্তৰ্জাতিক পৰ্য্যায়ত এগৰাকী উদীয়মান খেলুৱৈয়ে ব্যক্তিগতভাৱে সাফল্য অৰ্জন কৰিলে পৰিয়াল, ৰাজ্য আৰু দেশৰ জনগণে আনন্দিত আৰু গৌৰৱান্বিত হোৱাটো স্বাভাৱিক। কিন্তু সেই আনন্দ আৰু গৌৰৱক প্ৰকাশ কৰাৰ পন্থা আৰু স্তৰৰ ওপৰত সেই প্ৰতিভাৱান ব্যক্তি গৰাকীৰ ভৱিষ্যত প্ৰগতিৰ পথ বহু পৰিমাণে নিৰ্ভৰ কৰে।অভিজ্ঞ অভিভাৱকে উৎসাহ আৰু প্ৰশ্ৰয়ৰ মাজৰ পাৰ্থক্য জানে। সেয়েহে সন্তানৰ প্ৰাৰম্ভিক সাফল্যত অত্যুৎসাহী হৈ বিজয়োল্লাস কৰি প্ৰাপ্তিৰ সৰ্বোচ্চ শিখৰ পোৱাৰ আনন্দক প্ৰশ্ৰয় দিয়াতকৈ সীমাহীন আকাশৰ সুউচ্চ শিখৰৰ লক্ষ্যক দৰ্শন কৰাব পৰাটোতহে আচল উৎসাহ নিহিত থাকে।অন্য ৰাজ্য বা ৰাষ্ট্ৰৰ সঠিক পদ্ধতিৰ বিষয়ে আমি অৱগত নহওঁ। আমাৰ ৰাজ্যৰ কোনো উদীয়মান ক্ৰীড়াবিদক সঠিক অনুশীলনৰ দ্বাৰা কোনো দল সংগঠনে কাৰোবাক উচ্চ শিখৰ প্ৰাপ্তিত কিবা অৰিহণা যোগাইছে বুলি শুনা নাই। তাৰ সলনি, নিজস্ব প্ৰয়াসেৰে বিশেষ সন্মান আজুৰি অনাৰ পাছত সন্মান যাচিবলৈ, অভ্যৰ্থনা জনাবলৈ, চান্দাৰ ধনেৰে গামোচা পিন্ধাবলৈ হেতা ওপৰা লগায়। এনে দেখুৱাবলৈ চেষ্টা কৰে যেন তেওঁলোকৰ জোৰতহে সেই সন্মান আজুৰি আনিলে। আচলতে সেই ক্ৰীড়াবিদ গৰাকীৰ সাফল্য আৰু জনপ্ৰিয়তাৰ ভাগ তেওলোককো লাগে। তাৰ পাছত তেওঁ কি অনুশীলন কৰিছে, কলৈ গৈছে বাতৰিলৈ বাট চালেই হৈ যায়।”উৰন্ত শিখ” খ্যাত পদ্মশ্ৰী মিল্খা সিং ইহ সংসাৰ ত্যাগ কৰি কালি গুছি গ’ল। ‌”ধিং এক্সপ্ৰেছ” খ্যাত হিমা দাসৰ টুইটাৰৰ পম খেদি গম পাওঁ যে, ২০১৮ চনত ফিনলেণ্ডত অনুষ্ঠিত “ইণ্টাৰনেচনেল এচ’চিয়েচন অফ এথলেটিক্স ফেডাৰেশ্যনৰ” ২০ অনুৰ্ধ্বৰ ৪০০ মিটাৰ দৌৰত প্ৰথম ভাৰতীয় হিচাপে বিশ্ব খিতাপ অৰ্জন কৰা আৰু এচিয়ান গেমছত সোণৰ পদক লাভ কৰাৰ পিছত ভাৰত বৰ্ষৰ ক্ৰীড়া প্ৰেমীৰ প্ৰেৰণা স্বৰূপ মিলখা সিঙে হিমালৈ ফোন কৰি কৈছিল, – “কষ্ট কৰি অনুশীলন কৰি যোৱা। তোমাৰ হাতত যথেষ্ট সময় আছে। তুমি বিশ্বক্ৰীড়াক্ষেত্ৰৰ পৰা দেশৰ বাবে সোণৰ পদক আজুৰি আনিব পাৰিবা।” প্ৰত্যুত্তৰত দ্ৰুত ধাৱক হিমাই প্ৰত্যয়েৰে কৈছিল, “মই আপোনাৰ সপোন সফল কৰিবলৈ চেষ্টা কৰিম চাৰ।”প্ৰতিগৰাকী অসমীয়াৰ মানসিক আৱেদনৰ সাধুতা মিলখা সিঙৰ সমানেই আছিল নে ? মানৱ সমাজৰ প্ৰতিটো ক্ষেত্ৰতে কুটিলতা বিৰাজমান। ক্ৰীড়া জগততো আন্তঃজাতীয়, আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ পৰা বিচ্ছিন্ন নহয় বুলি অনেক ক্ৰীড়াবিদৰ জীৱন বুৰঞ্জীয়ে চিঞঁৰি চিঞঁৰি কয়।বংশানুক্ৰমে পোৱা দেহৰ গঠন, মাক দেউতাকৰ লগত খেতিত কাম কৰি, গাঁৱৰ ল’ৰাৰ লগত বোকা পানীত খেলা ফুটবলৰ অনুশীলনে হিমাক যি বিশ্ব স্তৰৰ ধাৱকলৈ উন্নীত কৰিছিল, তাৰ ৰহণ আৰু ছন্দই ক’ৰবাত যেন গতি হেৰুৱাবলৈ আৰম্ভ কৰিছিল নেকি ? দেশ আৰু সমাজে সন্মান আৰু অত্যাধুনিক অনুশীলনৰ নামত অতিপ্ৰশ্ৰয় বা পেম্পাৰিং কৰিছিল নেকি ? মানুহৰ জীৱনত ঈশ্বৰ প্ৰদত্ত প্ৰতিভাৰ প্ৰয়োগ দুই ধৰণে হ’ব পাৰে-১.মাজবাটতে  অৰ্থনৈতিক সবলতাৰ বাবে প্ৰয়োগ । ২. সৰ্বোচ্চ শিখৰত অৱতৰণৰ বাবে অবিৰত অনুশীলন।উৰন্ত শিখ মিলখা সিঙৰ জীৱনৰ ভিত্তিত ‌প্ৰজোজনা কৰা “ভাগ মিলখা ভাগ” ছবিখনৰ দৃশ্যাৱলী যদি সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত হয়; তেন্তে, তেখেতৰ অনুশীলন ধিঙৰ কৃষিভূমি আৰু বোকাময় খেলপথাৰ খনতকৈ অধিক ৰূঢ় আছিল। সেই সময়ত আমাৰ দেশত আজিৰ দৰে আন্তঃৰাষ্ট্ৰীয় বৃহৎ বণিয়া গোষ্ঠী সমূহৰ পণ্য সামগ্ৰীৰ প্ৰচাৰ প্ৰচলন হোৱা নাছিল। সেয়ে হয়তো সেইবিলাক আকৰ্ষণৰ দ্বাৰা অন্যমনস্ক হোৱাৰ পৰা বাচি গৈছিল। অৱশ্যে অন্য ধৰণে ভাৱিলে, সুবিধা পাওতেই লৈ নললে পাছৰ জীৱনত অনুতপ্ত হোৱাতকৈ জীৱনৰ মানদণ্ড উন্নততৰ কৰাৰ হকে সুবিধা সমূহ লৈ যোৱাটোও অনেকৰ বাবে জ্ঞানীৰ কামেই হ’ব পাৰে। সেই ক্ষেত্ৰত ৰাজ্যৰ আৰু দেশৰ নাগৰিক হিচাপে এগৰাকী ক্ৰীড়াবিদৰ সাফল্যত বুকু ফিন্দাবলৈ পোৱাটোৱেই আমাৰ একমাত্ৰ স্বাৰ্থ হৈ পৰে।আচলতে শিৱ থাপা আৰু হিমা দাস কোৱালিফাই হোৱা হ’লে লাভলিনাক লৈ অসমবাসীয়ে তিনিগৰাকী অলিম্পিয়ান “ট’কিঅ’ ২০২০” লৈ পঠোৱাৰ গৌৰৱ অৰ্জন কৰিলোঁ হেঁতেন।