Breaking

তেজপুৰৰ ঐতিহাসিক ‘পকী’ৰ চোতালত ১০ মাৰ্চত মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিব প্ৰসিদ্ধ ভাস্কৰ্য্য শিল্পী বীৰেন সিংহই নিৰ্মাণ কৰা ৰূপকোঁৱৰৰ ব্ৰঞ্জৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তি, পকীৰ চোতালত সংস্থাপিত হ’ল ৰূপকোঁৱৰৰ কন্যাই জীৱন্ত বুলি অভিহিত কৰা প্ৰতিমূৰ্তি…

0 30

তেজপুৰ তথা জিলাখনৰ ৰাইজৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অৱসান ঘটাই অৱশেষত প্ৰসিদ্ধ ভাস্কৰ্য্য শিল্পী বীৰেন সিংহৰ দ্বাৰা নিৰ্মিত তেজপুৰৰ ঐতিহাসিক “পকী” অৰ্থাৎ অসম চৰকাৰৰ জ্যোতি ভাৰতীৰ চোতালত সংস্হাপিত হ’ব লগা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিটো আজি পুৱা আহি পালেহি “পকী” ৰ চোতাল ।
ৰাজ্যখনৰ প্ৰখ্যাত ভাস্কৰ্য্য শিল্পী বীৰেন সিংহই শোণিতপুৰ জিলা প্ৰশাসনৰ জৰিয়তে যোৱা অক্টোবৰ মাহত গুৱাহাটীত নিৰ্মাণ আৰম্ভ কৰাৰ পিছত অসমৰ ভিতৰতে একক আৰু অনন্য হিচাপে পৰিগণিত হ’ব লগা এই ব্ৰঞ্জৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিটো বীৰেন সিংহৰ ভাতৃ তথা প্ৰতিমূৰ্তিটো নিৰ্মাণৰ সৈতে জড়িত কমল সিংহই আন কেবাগৰাকীও ভাস্কৰ্য্য শিল্পীৰ জৰিয়তে গুৱাহাটীৰ পৰা কঢ়িয়াই অনাৰ পিছত উৎসুক জনতাই প্ৰতিমূৰ্তিটো প্ৰতক্ষ কৰিবলৈ হেতা ওপৰা কৰাৰ সময়তে ভাস্কৰ্য্য শিল্পী কমল সিংহই সাংবাদিকৰ আগত কয়, প্ৰতিমূৰ্তিটো নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত তেওঁৰ কন্যা জ্ঞানশ্ৰী আগৰৱালাই প্ৰতক্ষ কৰি আজিলৈকে নিৰ্মাণ হোৱা প্ৰতিমূৰ্তি সমূহৰ ভিতৰত আটাইতকৈ জীৱন্ত ৰূপত এইটো প্ৰতিমূৰ্তি প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰে ।

এনে মন্তব্যই স্বাভাৱিকতে এগৰাকী শিল্পীক অনুপ্ৰাণিত কৰে বুলি মন্তব্য কৰি প্ৰতিমূৰ্তিটো নিৰ্মাণৰ প্ৰাকমুহূৰ্তত কোনো ঠাইৰ পৰা জ্যোতি প্ৰসাদ আগৰৱালাৰ থিয় হৈ থকা ফটো নোপোৱাৰ পিছত একমাত্ৰ ধাৰণাৰ ওপৰতেই এইটো নিৰ্মাণ সম্পূৰ্ণ কৰা হয় বুলি কয়। আনহাতে এই প্ৰতিমূৰ্তিটো মাটিৰ তলত থৈ দিলেও এহেজাৰ বছৰলৈকে কোনো হানি বিঘিনি নঘটে বুলিও কমল সিংহই মন্তব্য কৰে। উল্লেখ্য যে, ২৪ লাখ টকা নিৰ্মাণ খৰচৰ সুন্দৰ প্ৰতিমূৰ্তিটো অহা ১০ মাৰ্চত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে উন্মোচন কৰাৰ লগতে তেজপুৰৰ খ্যাতিসম্পন্ন চিত্ৰ – ভাস্কৰ্য্য শিল্পী মৃগেন কলিতাই অতি নান্দনিক ৰূপত নিৰ্মাণ কৰা পকীৰ মূল তোৰণখনো উদ্ঘাটন কৰিব বুলি সদৰি কৰি শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাসে শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ বিশেষ তৎপৰতাত ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ পিছত কেনেদৰে পকীৰ আধুনিকীকৰণৰ লগতে এই কাম সমূহ ইতিমধ্যে সম্পন্ন হৈছে সেই সন্দৰ্ভত উল্লেখ কৰি অসম চৰকাৰৰ পকী উন্নীতকৰণৰ অভিলাষী প্ৰকল্পৰ অংশ হিচাপে ইতিমধ্যে নতুনকৈ কাৰ্যালয় গৃহও নিৰ্মাণ হৈ উঠিছে আৰু একেলগে তিনিওটা নৱনিৰ্মিত সম্পদ ১০ মাৰ্চৰ অসমৰ মুখ্যমন্ত্ৰীৰ তেজপুৰৰ কাৰ্যসূচীৰ সময়তে শুভাৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি কয়।

Leave A Reply