Breaking

১৫ মাৰ্চত বিকেডব্লিউএচিৰ উদ্যোগত নিৱনুৱা যুৱক-যুৱতী সকলক আগবঢ়াব  দক্ষতা বিকাশৰ প্ৰশিক্ষণ…

0 18

পৰিচালনা সমিতি গঠন,১৫ মাৰ্চত বিকেডব্লিউএচিৰ উদ্যোগত নিৱনুৱা যুৱক-যুৱতী সকলক আগবঢ়াব  দক্ষতা বিকাশৰ প্ৰশিক্ষণ,প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিব ডাউন টাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক

বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ চমুকৈ বিকেডব্লিউএচিৰ আহ্বানত আজি অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ মুখ্য কাৰ্যালয়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। বিকেডব্লিউএচিৰ মুখ্য কাৰ্য্যবাহী সদস্যৰ বিশেষ কৰ্তব্যৰত বিষয়া শুক্ৰেশ্বৰ গয়াৰীয়ে আঁতধৰা সভাত উপস্থিত থাকি বিকেডব্লিউএচিৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰীয়ে কয় শিক্ষিত নিৱনুৱা যুৱক-যুৱতী সকলক দক্ষতা বিকাশৰ জৰিয়তে জীৱন-জীৱিকাৰ মানদণ্ড উন্নত কৰিবলৈ বৃত্তিমুখী শিক্ষা আগবঢ়োৱাৰ লক্ষ্য আগত ৰাখি বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদে গ্ৰহণ কৰিছে অভিলাষী পদক্ষেপ কৰিছে বুলি উল্লেখ কৰি সাম্প্ৰতিক সময়ত নিৱনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে আৰু ইয়াৰ মুখামুখি হ’বলৈ শিক্ষিত নিৱনুৱা যুৱক-যুৱতী সকলক দক্ষতা বিকাশৰ জৰিয়তে উন্নতমানৰ মানৱ সম্পদ গঢ়ি তুলিব লাগিব বুলি বক্তব্য ৰাখি বৃত্তিমুখী শিক্ষাৰে শিক্ষিত কৰি বিভিন্ন ক্ষেত্ৰত নিয়োগৰ সুবিধা লাভ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি গুৰুত্বপূৰ্ণ ভাষন আগবঢ়ায়।বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত

পৰিষদৰ পৃষ্ঠপোষকতাত আৰু সংযুক্ত বড়ো গণ মঞ্চ, নিখিল বড়ো ছাত্র সন্থা,নিখিল বড়ো মহিলা কল্যাণ পৰিষদৰ ধেমাজি জিলা সমিতি আৰু বড়ো সাহিত্য সভাৰ জোনাই আৰু ধেমাজি জিলা সমিতিৰ সহযোগত অহা ১৫ মাৰ্চত সতীশ বসুমতাৰী বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃত্তিমুখী শিক্ষাৰ প্ৰশিক্ষণৰ কাৰ্য্যসূচী হাতত লোৱা হৈছে। ডাউন টাউন বিশ্ববিদ্যালয়ৰ পৰা কেবাগৰাকী অধ্যাপক সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি আগবঢ়াব প্ৰশিক্ষণ। হোটেল মেনেজমেণ্ট, ফিজিঅ’থেৰাপি, ৰেডিঅ’গ্ৰাফি,ডিজাছটাৰ মেনেজমেণ্ট, মেডিকেল লেবৰেটৰী টেকন’লজী,অপাৰেচন থিয়েটাৰ টেকন’লজী, ডাইয়েলিচিছ টেকন’লজী, ক্ৰিটিকেল এণ্ড ইনটেনছিফ্ টেকন’লজী, পাৰামেডিকেল চাইন্স,মেকানিকেল ইঞ্জিনীয়াৰ, কম্পিউটাৰ ইঞ্জিনীয়াৰ আদি বিষয়ৰ কেৰিয়াৰ কাউন্সেলিং প্ৰশিক্ষণত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ আৰু স্নাতক মহলাত শিক্ষাগ্ৰহণ কৰি থকা ছাত্র-ছাত্ৰী তথা নিৱনুৱা যুৱক-যুৱতী সকলে অংশগ্ৰহণ কৰিব। ৰাজহুৱা সভাতে বড়ো সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক নিৰণ ব্ৰহ্ম,ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সম্পাদক অনাৰু স্বৰ্গীয়াৰী, এবছুৰ ধেমাজি জিলা সমিতিৰ সম্পাদক অজয খাকলাৰী,আবৌফৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা সোভাৰাণী

বসুমতাৰীক লৈ কেৰিয়াৰ কাউন্সেলিং মেনেজমেণ্ট সমিতিখন গঠন কৰা হয়।ৰাজহুৱা সভাত ইউবিপিঅৰ উপাধ্যক্ষ জোনাৰাম ব্ৰহ্ম,ক্ৰীড়া সম্পাদক ফৈলাও মুছাহাৰী,ধেমাজি জিলা সমিতিৰ উপ সভাপতি দিপাঙ্কৰ নাৰ্জাৰী,ৰবীণ বড়ো, সাধাৰণ সম্পাদক অশোক দৈমাৰী, সহকাৰী সাধাৰণ সম্পাদক সোমনাথ মহিলাৰী, বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সম্পাদিকা সৌৰ্জিলা ওৱাৰী, জোনাই জিলা সমিতিৰ সাধাৰণ সম্পাদক বিমল মুছাহাৰী,মিচিং স্বায়ত্তশাসিত পৰিষদৰ ইএম মলেন্দ্ৰ নাৰ্জাৰী,বিটিএডিৰ বাহিৰৰ আত্মসমৰ্পণকাৰী এনডিএফবি কল্যাণ পৰিষদৰ সভাপতি ধৰ্মেশ্বৰ বসুমতাৰী,আবৌফৰ ধেমাজি জিলা সমিতিৰ সভানেত্ৰী ফুলেশ্বৰী দৈমাৰী, সাধাৰণ সম্পাদিকা ভাৰতী ব্ৰহ্ম,ইউবিপিঅ,এবছু, আবৌফ,বড়ো সাহিত্য সভাৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

শম্ভু দাস চিলাপথাৰ

Leave A Reply