Breaking

পুত্ৰৰ জন্মদিনত স্বৰচিত গ্ৰন্থ উপহাৰ, শিক্ষয়িত্ৰী স্বস্তিকা বৰাৰ দুখনকৈ গ্ৰন্থ উন্মোচন…

0 19

মৰমৰ পুত্ৰৰ ওপজা দিনত কেক কাটি জন্মদিন পালন কৰাৰ পৰিৱৰ্তে নিজে ৰচনা কৰা দুখনকৈ গ্ৰন্থ পুত্ৰক উপহাৰ দি ওপজা দিনৰ শুভকামনা জনোৱাৰ দৰে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি চৰ্চালৈ আহিছে ৰঙামাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহঃশিক্ষয়িত্ৰী স্বস্তিকা বৰা। উল্লেখযোগ্য যে শিক্ষয়িত্ৰী স্বস্তিকা বৰাৰ সৰুপুত্ৰ চেংপম বৰগোহাঁইৰ ওপজা দিনৰ বিশেষ দিনটোত চৰচিত গল্প সংকলন “জীৱনৰ ৰং” আৰু কবিতা পুথি জোনাকৰ অনুভৱ শীৰ্ষক দুখনকৈ গ্ৰন্থ এক গম্ভিৰ্য পূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে।সেই উপলক্ষে ৰঙামাটি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ৰঙামাটি উচ্চ মাধ্যমিক বিদ্যালয়ত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰাজীৱ হাজৰিকদেৱৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচিত হয় গ্ৰন্থ কেইখন।এখন বিদ্যালয়ৰ শিক্ষক বৃন্দৰ দ্বাৰা প্ৰকাশিত “জাচিংফা ” নামৰ আলোচনী।

আন দুখন হ’ল সেই বিদ্যালয়ৰ শিক্ষয়িত্ৰী স্বস্তিকা বড়াৰ গল্প আৰু কবিতাৰ পুথি। বিদ্যালয়ৰ শিক্ষক বৃন্দৰ দ্বাৰা প্ৰকাশিত “জাচিংফা”আলোচনীখন উন্মোচন কৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰাজীৱ হাজৰিকাদেৱে। স্বাস্তিকা বড়াৰ গল্প পুথি “জীৱনৰ ৰং ” উন্মোচন কৰে দেৰগাঁওৰ শিক্ষা প্ৰতিষ্ঠান উদয়ন একাদেমীৰ অধ্যক্ষ শ্ৰী ভাস্কৰ বৰাদেৱে। কবিতাৰ পুথি “জোনাকৰ অনুভৱ”উন্মোচন কৰে বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক তথা এজন সফল ব্যৱসায়ী প্ৰদীপ কুমাৰ দাস দেৱে। গ্ৰন্থ কেইখন উন্মোচন কৰি উন্মোচকে তেওঁ লোকৰ বহুমূলীয়া বক্তব্য আগবঢ়ায়। ভাস্কৰ বৰাদেৱে ছাত্ৰ ছাত্ৰী সকলৰ উদ্দেশ্যে এক সুন্দৰ বক্তৃতা প্ৰদান কৰে।এই গাম্ভীৰ্যপূৰ্ণ সভাখনত বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী দিগন্ত দত্ত, দেৰগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান উদয়ন একাডেমীৰ অধ্যক্ষ ভাস্কৰ বৰা,ৰঙামাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ উন্নয়ন সমিতিৰ সভাপতি ৰাজীৱ হাজৰিকা,ৰঙামাটি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক প্ৰদীপ কুমাৰ দাস,ৰঙামাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সভাপতি জিতেন দাস, অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক ৰেৱ হাজৰিকাকে প্ৰমুখ্য কৰি সকলো শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে। অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে‌ এচ এম দিছিৰ সদস্য- সদস্যা আৰু মাতৃ গোটৰ সদস্যা সকলৰ উপস্থিতিয়ে সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে।পুত্ৰৰ জন্ম দিনত মাতৃ স্বস্তিকা বৰাই গ্ৰন্থ দুখন উপহাৰ হিচাপে দিবলৈ পাই উৎফুল্লিত হৈ পৰাৰ লগতে সমাজলৈ এক এক ইতিবাচক বাৰ্তা পেৰণ কৰিবলৈ সক্ষম হৈছে।

Leave A Reply