Breaking

একাদশ দিনাও অভূতপূৰ্ব জনসমাৱেশ গুৱাহাটীৰ অসম গ্ৰন্থমেলাত; ১১ দিনত ৪ কোটি ৬০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী

0 27

একাদশ দিনাও পুথিপ্ৰেমীৰে ঠাহ খাই পৰে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলা , গুৱাহাটী ৷ পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আহিবলৈ আৰম্ভ কৰা গ্ৰন্থপ্ৰেমীয়ে সন্ধিয়াৰ ভাগত কেবা সহস্ৰাধিকৰ ঘৰ অতিক্ৰম কৰে৷ একাদশ দিনালৈ ৪ কোটি ৬০ লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি সদৰী কৰিছে গ্ৰন্থমেলাৰ উদ্যোক্তা সকলে৷

ইপিনে আজি গ্ৰন্থমেলাৰ বাকৰিত দুখনকৈ গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ অনুষ্ঠিত হয় ৷ বিয়লি ১বজাৰ পৰা অনুষ্ঠিত “সাহিত্যৰ বিকাশত অনুবাদৰ ভূমিকা” শীৰ্ষক আলোচনা সত্ৰখন সঞ্চালনা কৰে বিশিষ্ট লেখক-অনুবাদক, গুৱাহাটী পশু ড° ছাইদুল ইছলামে ৷ তেওঁ কয় যে অনুবাদ অতি গুৰুত্বপূৰ্ণ ৷ অনুবাদৰ জৰিয়তে সাহিত্যই বিশ্বজনীন মাত্ৰা লাভ কৰে ৷ অনুবাদ কৰ্ম কিন্তু তেনেই উজু কাম নহয় ৷ সৃষ্টিশীল অনুবাদে সাহিত্যক সাধাৰণ পাঠকৰ ওচৰ চপাই নিয়ে ৷ এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰা মানেই সেই সাহিত্যই সীমাৰ পৰিধি ভাঙি গতি লাভ কৰে ৷ এই ক্ষেত্ৰত অৱশ্যে গ্ৰন্থস্বত্ব আইনৰ বিষয়টো ভালদৰে মানি চলাৰ প্ৰয়োজন ৷

অনুবাদকসকল এই দিশত সচেতন হোৱাটো বৰ দৰকাৰী ৷ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ মুৰব্বী অধ্যাপক, বিশিষ্ট অনুবাদক ড° ৰীতামণি বৈশ্য, বিশিষ্ট লেখক-অনুবাদক বিনয় মোহন শইকীয়া, বিশিষ্ট লেখক-অনুবাদক ইন্দ্ৰানী লস্কৰে ৷ তেওঁলোকে বিষয় প্ৰসংগত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ৷ সৃষ্টিশীলতাৰ লগতে বিষয়বস্তুৰ শুদ্ধতাৰ বিষয়টো আলোচনাত উত্থাপিত হয় ৷ বিষয়বস্তুৰ জ্ঞান নথকাকৈ আৰু পৰিশীলিত বিশুদ্ধতাৰে অনুবাদ নহ’লে তেনে কৰ্মৰে মানুহৰ মাজলৈ সংশ্লিষ্ট সমাজ-জীৱনৰ বেয়া বাৰ্তা যাব পাৰে ৷ গতিকে এইক্ষেত্ৰত আনুবাদকসকল সজাগ হোৱা দৰকাৰ বুলি কয় আলোচকসকলে ৷ তদুপৰি অসমীয়া সাহিত্যৰ অনুবাদ অতি জৰুৰী বুলি তেওঁলোকে উল্লেখ কৰে ৷ মহাপুৰুষ শংকৰদেৱৰ পৰা আৰম্ভ কৰি অসমৰ সাহিত্য-সংস্কৃতি, সমাজ-সভ্যতাৰ সমৃদ্ধ পৰিচয়ক ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ হ’লে অনুবাদ সাহিত্যৰ গুৰুত্ব অপৰিহাৰ্য বুলি কয় আলোচকবৃন্দই ৷

আলোচনা সত্ৰখন পৰিচালনাত সহযোগিতা আগবঢ়ায় গুৱাহাটী কন্যা মহাবিদ্যালয়ে ৷ আলোচক অতিথিসকলৰ লগতে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা বিনীতা গগৈক গ্ৰন্থৰে আদৰণী জনোৱা হয়৷ বিয়লি ৩ বজাত বিশিষ্ট শিক্ষাবিদ, ভাষাতাত্ত্বিক প্ৰয়াত দেৱেন দত্তৰ সোঁৱৰণত অনুষ্ঠিত হয় “গ্ৰন্থ আৰু ভৱিষ্যতৰ ৰূপান্তৰিত পৃথিৱী” শীৰ্ষক আলোচনা সত্ৰ ৷

বিশিষ্ট সাহিত্যিক, সমালোচক, গৱেষক ড° আনন্দ বৰমুদৈয়ে আলোচনা সত্ৰখন সঞ্চালনা কৰে ৷ বিষয় প্ৰসংগত ড° বৰমুদৈয়ে কয়—“সমাজলৈ ৰপান্তৰ আহিছে , আগলৈ আৰু ৰূপান্তৰিত হ’ব ৷ এয়া সমাজ-সভ্যতাৰ স্বাভাৱিক প্ৰক্ৰিয়া ৷ প্ৰযুক্তিয়ে পৃথিৱীখন বহুত সলনি কৰি পেলালে ৷ এতিয়া কৃত্ৰিম বুদ্ধিমত্তাও আহিল ৷ অনাগত সময়ত ইয়াতকৈও নতুন নতুন প্ৰযুক্তি নিশ্চয় আহিব ৷ কিন্তু গ্ৰন্থৰ বিকল্প একো হ’ব নোৱাৰে ৷ পৃথিৱী থকালৈকে গ্ৰন্থ থাকিব ৷ যি ৰূপান্তৰেই নাহক গ্ৰন্থ অমৰ হৈ থাকিব ৷ বৰঞ্চ এনেকৈ দৃঢ়তাৰে ক’ব পাৰি যে গ্ৰন্থই ৰূপান্তৰিত পৃথিৱীকো সমৃদ্ধ কৰিব ৷”

তেওঁ লগতে কয় যে কৃত্ৰিম বুদ্ধিমত্তা , ৰবট আদি প্ৰযুক্তিৰ ফচলবোৰক মানৱ সভ্যতাৰ কল্যাণৰ বাবেহে ব্যৱহাৰ কৰা উচিত ৷ অন্যথা পৃথিৱীলৈ সাংঘাটিক বিপৰ্যয় নামি আহিব ৷ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট কথা-শিল্পী শিবানন্দ কাকতি, ড° মৌচুমী কন্দলী আৰু বিশিষ্ট লেখক-নিবন্ধকাৰ সমীৰ শাণ্ডিল্য, ৰতন সাউদ, পংকজ প্ৰতীম বৰদলৈয়ে ৷ বিষয় প্ৰসংগত আলোচকবৃন্দই কয় যে মানুহৰ সমাজক যন্ত্ৰই শাসন কৰিব নেকি— উদ্যোগিক বিকাশৰ আৰম্ভণিতেই এনে প্ৰশ্নই মানুহক উদ্বিগ্ন কৰিছিল ৷

প্ৰযুক্তিৰ অভাৱনীয় উত্থানৰ দিনত এই উদ্বিগ্নতা বৃদ্ধি পাইছে ৷ অনাগত সময়ত আৰু যে বেছি ৰপান্তৰ হ’ব সেয়া নিশ্চিত ৷ সভ্যতাৰ আৰম্ভণিৰ পৰা এতিয়ালৈ আৰু এতিয়াৰ পৰা অনাগত ভৱিষ্যতলৈ অভাৱনীয় ৰূপান্তৰে পৃথিৱীখন বিচিত্ৰ কৰি তুলিব ৷ গতিকে তেনে সময়ত গ্ৰন্থই কি বাট দেখুৱাব পাৰে সেয়াহে গুৰুত্বপূৰ্ণ ৷ অৰ্থাৎ গ্ৰন্থ থাকিবই ৷ কিন্তু ৰূপ সলনি হৈছে আগলৈ আৰু সলনি হ’ব ৷ এই আলোচনা সত্ৰৰ পাছত পাছত সন্ধিয়া আয়োজিত হয় মনপৰশা সাংস্কৃতিক অনুষ্ঠান ৷ মঙলবাৰে বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা, গুৱাহাটীৰ সামৰণী অনুষ্ঠান ৷ সামৰণী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷ সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব পশ্চিমবংগৰ বিশিষ্ট লেখক দীপ হালদাৰ আৰু মোহিত ৰয়ে ৷ বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট লেখক, বিজ্ঞানী ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে ৷

Leave A Reply