Breaking

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোতে অসমত প্ৰবল ধুমুহা-বৰষুণৰ আগজাননী!

0 14

কাইলৈ অৰ্থাৎ ৭ মে’ৰ দিনা অসমকে ধৰি দেশৰ কেইবা খনো ৰাজ্যত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। অসমৰ ৪ খন আসন ক্ৰমে গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী লোকসভা সমষ্টিত কাইলৈ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। কিন্তু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণত বতৰে বিধি-পথালি দিয়াতো নিশ্চিত হৈ পৰিছে। অসমৰ চাৰি সমষ্টিকে ধৰি দেশৰ মুঠ ৯৪টা সমষ্টিত কাইলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

দেশৰ ১০ খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলত হ’ব ভোটযুদ্ধ। অসমৰ ৪ খন আসনৰ লগতে বিহাৰত ৫খন আসন, ছত্তীশগড়ত ৭খন, কৰ্ণাটকত ১৪খন, মধ্যপ্ৰদেশত ৯খন, মহাৰাষ্ট্ৰত ১১খন আসন, উত্তৰ প্ৰদেশত ১০খন, পশ্চিমবংগত ৪খন, গুজৰাটত ২৫খন, গোৱাত ২খন আসন আৰু জম্মু কাশ্মীৰত ২খন আৰু দাদৰা আৰু নগৰ হাভেলী আৰু ডিউত ২খন আসনত হ’ব ভোটগ্ৰহণ।তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ১৩৫১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব। এনে সময়তে দেশৰ কেইবা খনো ৰাজ্যত অহা সাত দিনৰ বাবে বতৰৰ আগজাননী প্ৰকাশ কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই।ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ লগতে পশ্চিম বংগ, বিহাৰ আৰু ওড়িশাকে ধৰি কেইবাটাও অঞ্চলত বৰষুণৰ আগজাননী দিছে।

আইএমডিয়ে কয়, “অহা ৭ দিনৰ ভিতৰত অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বিজুলী-গাজনিৰ সৈতে ধুমুহা আৰু পাতলীয়াৰ পৰা মধ্যমীয়া তথা প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।” সোমবাৰে অৰুণাচল প্ৰদেশ, মঙলবাৰে অসম আৰু মেঘালয়ত আৰু ৭ মে’লৈকে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৬ মে’ত অসম আৰু মেঘালয়ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷

৬ মে’ত জম্মু-কাশ্মীৰ-লাডাখ-গিলগিট-বাল্টিস্তান আৰু মুজাফ্ফৰাবাদত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে; হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত ৮ মে লৈকে যথেষ্ট বৰষুণত হ’ব। বতৰ বিজ্ঞান কেন্দ্ৰই কালিয়েই দক্ষিণ শালমৰা, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, কোকৰাঝাৰ, চিৰাং, বাক্সা, নলবাৰী জিলাত ইয়েল’ এলাৰ্ট জাৰি কৰিছিল। একেদৰে কামৰূপ, কামৰূপ(মহানগৰ), দৰং, ওদালগুৰি, শোণিতপুৰ, নগাঁও, মৰিগাঁও, ডিমা হাচাও, কাছাৰ, হাইলাকান্দিত জিলাত ইয়েল’ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। এনে পৰিস্থিতিত কাইলৈ অসমৰ চাৰিটা সমষ্ঠিত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণত বতৰে বিঘিনি ঘটোৱাটো নিশ্চিত হৈ পৰিছে।

Leave A Reply