Breaking

ভেৰগাঁৱত চাকৰিৰ অৱসৰৰ দিনাই বিদ্যালয়ৰ কতৃপক্ষই শিক্ষয়িত্ৰীক প্ৰদান কৰিলে পেঞ্চন পেপাৰৰ ফাইল…

0 86

কেশৱ কান্ত বৰুৱা বালিকা হাইস্কুলৰ আদৰণীয় পদক্ষেপত সন্তুষ্টি প্ৰকাশ অৱসৰী শিক্ষয়িত্ৰী মঞ্জু মালা দেৱীৰ।ভেৰগাঁৱত চাকৰিৰ অৱসৰৰ দিনাই বিদ্যালয়ৰ কতৃপক্ষই শিক্ষয়িত্ৰীক প্ৰদান কৰিলে পেঞ্চন পেপাৰৰ ফাইল। উল্লেখযোগ্য যে,১৯৯০ চনত অবিভক্ত দৰং জিলাৰ বৰ্তমান ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ সদৰত জন্মলাভ লাভ কৰা কেশৱ কান্ত বৰুৱা বালিকা হাইস্কুলত ভেৰগাঁও পৰবহুচুৱা নিবাসী মঞ্জু মালা দেৱীয়ে ২০০০ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৮ তাৰিখে হিন্দীৰ সহ:শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে যদিও ২০১৩ চনৰ পহিলা জানুৱাৰী তাৰিখে তেখেতৰ চাকৰি নিয়মীয়াকৰণ (প্ৰদেশীকৃত ) হয় আৰু আজি (৩১ মে’ ২০২৩) তাৰিখে তেওঁৰ চাকৰি কালৰ অন্ত পৰে। আজি অৱসৰৰ দিনাই বিদ্যালয় কতৃপক্ষই অশেষ প্ৰচেষ্টাৰে অৱসৰ গ্ৰহণ কৰা শিক্ষয়িত্ৰী মঞ্জু মালা দেৱীৰ হাতত তেখেতৰ চাকৰিৰ পেঞ্চন পেপাৰৰ ফাইল অৰ্পণ কৰা হয়।

যিটো সময়ত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি পেঞ্চন পেপাৰৰ ফাইল বিচাৰি বছৰ বছৰ হাবাথুৰি খাব লগীয়া হয়, তেনে সময়ত ভেৰগাঁও অঞ্চলৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান কেশৱ কান্ত বৰুৱা বালিকা হাই স্কুল কৰ্তৃপক্ষই এক আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে। আজি অৱসৰ গ্ৰহণ কৰা শিক্ষয়িত্ৰী মঞ্জু মালা দেৱীক বিদ্যালয় কৰ্তৃপক্ষৰ হৈ প্ৰধান শিক্ষয়িত্ৰী গীতাৰাণী চহৰীয়া আৰু কাৰ্য্যালয় সহায়ক অৰুণ কোচৰ লগতে অন্যান্য সকলে উক্ত পেঞ্চন পেপাৰ ফাইল আনুষ্ঠানিক ভাৱে অৰ্পণ কৰে। এই ক্ষেত্ৰত কেশৱ কান্ত বৰুৱা বালিকা হাই স্কুলৰ আদৰণীয় পদক্ষেপত সন্তুষ্টি প্ৰকাশ কৰে অৱসৰী শিক্ষয়িত্ৰী মঞ্জু মালা দেৱীয়ে।

Leave A Reply