Breaking

ৰঙালী বিহুৰ প্ৰাকক্ষণত জিলিকি উঠিছে মেলেং বচাপথাৰৰ ৰ’জ গাৰ্ডেন, উদ্যোমী যুৱক হৰেন গগৈ প্ৰচেষ্টা…

0 18

যোৰহাট জিলাৰ মেলেং বচা পথাৰ বৰগুৰি অঞ্চলৰ উদ্যোমী যুৱক হৰেন গগৈৰ প্ৰচেষ্টাত জিলিকি উঠিছে দুবছৰ আগেয়ে আৰম্ভ কৰা ১৫ বিঘা মাটিত ৰ’জ গাৰ্ডেন সহ অৰ্কিড উদ্যান । গ্ৰাম্য অৰ্থনীতি সবল কৰা প্ৰচেষ্টাৰে যোৰহাট জিলাত আৰম্ভ কৰা এই খনেই একমাত্ৰ গোলাপ ফুলৰ বাগিচা । উল্লেখ যে এই ৰ’জ গাৰ্ডেন খন বৰ্তমান পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হোৱাৰ লগতে জন্ম দিন উদযাপন,বিভিন্ন অনুষ্ঠানৰ সুবিধা উপলব্ধ কৰিছে গৰাকী হৰেন গগৈয়ে। সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আৰম্ভ এই ৰ’জ গাৰ্ডেন খনত এখন অৰ্কিড উদ্যান, শিশু কিশোৰৰ খেলনা লগতে এখন পাৰ্কৰে ১০০ ৰো প্ৰজাতিৰ গোলাপ ফুল আছে ।

বটানিকেল গাৰ্ডেন হিচাপে যি খন অৰ্কিড উদ্যান গঢ়ি তুলিছে তাত নানা প্ৰজাতিৰ আয়ুৰ্বেদিক বনৌষধী সমৃদ্ধ গছ ৰোপন কৰা লগতে নেমু গছ, চাহ বাগিছাই দৃষ্টি নন্দন কৰিছে পৰিবেশ।গৰাকী গগৈয়ে জানিবলৈ দিয়া মতে বৰ্তমান তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বাবে তেওঁ গোলাপ ফুলৰ বাগিচাৰ ফুল যোগানৰ নাচাৰি ব্যৱস্থা কৰিছে । বৰ্তমান বিদ্যালয়ৰ কিছু ছাত্ৰ ছাত্ৰী কো শিক্ষক শিক্ষয়িত্ৰী সকলে এই গোলাপ ফুলৰ বাগিচা দেখুৱাবলৈ আনিছে বুলি জানিবলৈ দিয়ে গৰাকীয়ে । থলুৱা খাদ্য সম্ভাৰেৰে সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত ৰিজৰ্ত সহ এই গোলাপ ফুলৰ বাগিচা খন অঞ্চলটোৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰা লগতে দুৰ দুৰনি বহু পৰ্যটকে আহি প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিছে।

Leave A Reply