Breaking

নৱবৰ্ষ পহিলা দিনটোত উৎসাহী পুথিপ্ৰেমীৰ বিপুল সমাৱেশ অসম গ্ৰন্থমেলাত…

0 19

খ্ৰীষ্টিয় নৱবৰ্ষৰ পহিলা দিনটোত উৎসাহী পুথিপ্ৰেমীৰ বিপুল সমাৱেশ হয় অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত ৷ পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হোৱা জনস্ৰোতে সন্ধিয়ালৈ বিৰদি বাট নপোৱা অৱস্থাৰ সৃষ্টি কৰে চানমাৰি বাকৰিত ৷ নতুন বছৰৰ প্ৰথম দিনটো গ্ৰন্থৰ সান্নিধ্যৰে আদৰিবলৈ পুথিপ্ৰেমী বিদ্বৎ সমাজ , জ্ঞানান্বেষী শিক্ষাৰ্থী আৰু লেখক-সাহিত্যিকৰ বিশাল সমাৱেশে অসম গ্ৰন্থমেলা, গুৱাহাটীত উছৱৰ লহৰ সৃষ্টি কৰে ৷ বিপণীত হেঁপাহৰ গ্ৰন্থ ক্ৰয় কৰি নৱবৰ্ষ ২০২৪ক স্বাগত জনায় পঢ়ুৱৈ সমাজে ৷ আজি কিতাপ বিক্ৰীও আশাব্যঞ্জক বুলি সদৰী কৰিছে অসম প্ৰকাশন পৰিষদৰ লগতে আন আন প্ৰকাশন গোষ্ঠীসমূহে ৷ যোৱা ২৯ ডিচেম্বৰৰ পৰা আজি ১ জানুৱাৰী পৰ্যন্ত প্ৰায় ৮৫ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে উদ্যোক্তা সকলে ৷ ইপিনে আজি বিয়লি ২ বজাত অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত আয়োজন কৰে আকৰ্ষণীয় অনুষ্ঠান “লেখক-পাঠক সমাৰোহ” ৷ এই অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট ইতিহাসবিদ, অধ্যাপক ড° গজেন্দ্ৰ অধিকাৰীয়ে ৷


তেওঁ বিষয় প্ৰসংগত কয়—“লেখক হিচাপে মই কিমান সফল সেই লৈ নিজৰে সংশয় আছে ৷ কিন্তু পাঠক হিচাপে মোৰ আত্মবিশ্বাস গভীৰ ৷ সেই দিশৰ পৰা এই কথা ক’ব পাৰোঁ যে দুজন পৰস্পৰ অচিনাকি ব্যক্তিৰ মাজত যোগসূত্ৰ স্থাপন হোৱাটো হ’ল লেখক আৰু পাঠকৰ প্ৰথম সম্পৰ্ক ৷ আধুনিক সমাজতাত্বিক আৰু সাহিত্য সমালোচকসকলৰ মতেও এখন পুথি পাঠক আৰু লেখক উভয়ে নিজৰ অজ্ঞাতেই যুটীয়াকৈ ৰচনা কৰে ৷ এই সম্পৰ্ক যে সদায়েই ভালপোৱা বা শ্ৰদ্ধাৰেই গঢ়ি উঠে তেনে নহয় ৷ অনৈক্য, মতান্তৰ, মনান্তৰৰ দৰে সম্পৰ্কও হ’ব পাৰে ৷ তেতিয়াও কিন্তু এগৰাকী সফল লেখক আৰু এগৰাকী সফল পাঠকে ধৰ্য্য, সহ্য, পাৰস্পৰিক সহনশীলতা, দেশ-দস্তুৰৰ পৰা আঁতৰি নাযায় ৷ লেখক অবিহনে পাঠকৰো একো অস্তিত্ব নাই আৰু পাঠক নাথাকিলে লেখকো অস্তিত্বহীন ৷ অসম গ্ৰন্থমেলাত লেখক-পাঠক সমাৰোহ অনুষ্ঠিত কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু আদৰণীয় ৷” অনুষ্ঠানটি সঞ্চালনা কৰে বিশিষ্ট সাংবাদিক, গ্ৰন্থকাৰ, নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° সমুদ্ৰগুপ্ত কাশ্যপে ৷ তেওঁ কয় যে লেখক-পাঠকৰ সম্পৰ্কৰ আধাৰ হৈছে কিতাপ , আলোচনী , কাকত ৷ ইয়াত লেখকসকলে লিখে আৰু পাঠক সমাজে পঢ়ে ৷ গতিকে সম্পৰ্কৰ মাধ্যম হৈছে পঠন কাৰ্য ৷ সেয়ে এইক্ষেত্ৰত ইতিবাচক পৰিৱেশ ৰচনা হ’বলৈ হ’লে লেখকে শুদ্ধ ভাষাৰ প্ৰয়োগ, বাছকবনীয়া বিষয় নিৰ্বাচন আৰু সহজ সৰলভাৱে উপস্থাপন কৰিবলৈ যত্নপৰ হোৱা দৰকাৰ ৷ তেওঁ প্ৰসংগক্ৰমে শশী ফুকনে সম্পাদনা কৰা বিস্ময়, ড° ভৱেন্দ্ৰনাথ শইকীয়া আৰু প্ৰদীপ বৰুৱাই সম্পাদনা কৰা প্ৰান্তিকৰ বিষয়ে উল্লেখ কৰে ৷ একেদৰে ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অনিল বৰুৱাকে ধৰি কেবাগৰাকী প্ৰসিদ্ধ সম্পাদক-সাহিত্যিকৰ ভাষা শৈলীৰ বিষয়েও উল্লেখ কৰি ড° কাশ্যপে কয় যে অনুবাদ সাহিত্যই লেখক-পাঠকৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ইয়াত অংশগ্ৰহণ কৰি নিজৰ লেখক-পাঠকে সৃষ্টি আৰু পঠনৰ অভিজ্ঞতা , উপলব্ধিৰ বিষয়ে বক্তব্য আগবঢ়ায় ৷ তেওঁলোকৰ ভিতৰত আছে পদুমী গগৈ, পূৰৱী বৰুৱা,ৰুমী লস্কৰ বৰা, ড° স্মৃতিৰেখা ভূঞা, ড° ৰাজীৱ কুমাৰ সাহা, বংকিম ভাগৱতী, ডাঃ বিজুলী গোস্বামী, দীপশিখা ভাগৱতী,পম্পী হাজং, দিতিমণি গগৈ, ধ্ৰুৱজ্যোতি শৰ্মা, প্ৰীতিৰেখা ভূঞা, নিভাৰাণী ৰয়, মনীষা শৰ্মা, অলকা মহন্ত, মন্দিৰা গগৈ, নৱজ্যোতি নাথ, ডাঃ শুভ্ৰকিংকৰ গোস্বামী, মৃণালিনী শইকীয়া, দুলাল নাথ আদি ৷ সন্ধিয়া এলানি মনপৰশা সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ প্ৰবোধ দাসৰ পৰিচালনাত অনুষ্ঠিত সাংস্কৃতিক প্ৰতিযোগিতাত যোগদান কৰে অম্বিকাগিৰী নগৰস্থিত শংকৰদেৱ শিশু কুঞ্জ, কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয় আৰু পাণ্ডু মহাবিদ্যালয়ে ৷ অসম গ্ৰন্থমেলা বৌদ্ধিক আন্দোলনৰ অনন্য নিদৰ্শনঃ মন্ত্ৰী ৰঞ্জিত দাস। অসম গ্ৰন্থমেলা, গুৱাহাটীত উপস্থিত হয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস ৷ তেওঁ গ্ৰন্থমেলাৰ জনসমাৱেশ অভূতপূৰ্ব বুলি উল্লেখ কৰি কয় যে ৰাজধানী মহানগৰ গুৱাহাটী তথা ৰাজ্যখনৰ জিলাই জিলাই অনুষ্ঠিত অসম গ্ৰন্থমেলা বৌদ্ধিক আন্দোলনৰ অনন্য নিদৰ্শন ৷ ইয়াৰ জৰিয়তে অধ্যয়ন সংস্কৃতি গঢ়ি উঠাত সহায়ক হ’ব ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এই যৌথ কাৰ্যক্ৰমণিকাই নজিৰ সৃষ্টি কৰিছে ৷ মন্ত্ৰী দাসে গ্ৰন্থমেলাত কেবাখনো নিৰ্বাচিত গ্ৰন্থ ক্ৰয় কৰে ৷ শ্ৰীমন্ত শংকৰদেৱৰ মহাজীৱনৰ আধাৰত পদ্মশ্ৰী অৰূপ কুমাৰ দত্তৰ নতুন গ্ৰন্থ উন্মোচন। কাহিনী-কথন শৈলীৰে জগতগুৰুক প্ৰাণৱন্ত কৰাৰ ব্যতিক্ৰমী প্ৰয়াস। প্ৰকাশক অসম বুক হাইভ। খ্ৰীষ্টীয় বৰ্ষ নৱবৰ্ষ ২০২৪ৰ প্ৰথম দিনটোত ৰাজ্যখনৰ অন্যতম অভিজাত প্ৰকাশন প্ৰতিষ্ঠান “অসম বুক হাইভ”-এ অসমৰ সমাজ-জীৱনলৈ এক শুভ সংবাদ কঢ়িয়াই আনিছে ৷ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ কৰ্মৰাজী , সামাজিক তত্ব-দৰ্শনক জগতসভাত প্ৰতিষ্ঠাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ সপক্ষে বিদ্বৎ মহলে দীৰ্ঘদিন ধৰি মত প্ৰকাশ কৰি আহিছে ৷ এইক্ষেত্ৰত এক সময়োচিত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি অসমৰ জনগণৰ এই স্বপ্নক সাকাৰ কৰাৰ দিশত বাট প্ৰশস্ত কৰিছে “অসম বুক হাইভ”-এ ৷

বিশিষ্ট সাহিত্যিক-গৱেষক, পদ্মশ্ৰী অৰূপ কুমাৰ দত্তই মহাপুৰুষজনাৰ মহাজীৱনক আধাৰ কৰি ৰচনা কৰা “Saint; Saviour; Soul; Society” শীৰ্ষক গ্ৰন্থখন ইতিমধ্যে ছপা কৰি “অসম বুক হাইভ”-এ আজি উন্মোচনৰ ব্যৱস্থা কৰে গ্ৰন্থমেলাৰ বাকৰিত ৷ অসম গ্ৰন্থমেলা, গুৱাহাটীৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত গ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° কুলধৰ শইকীয়া, নৃত্যাচাৰ্য, পদ্মশ্ৰী যতীন গোস্বামী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° অলক কুমাৰ বুঢ়াগোহাঁই, বিশিষ্ট সাংবাদিক , “দ্য আছাম ট্ৰিবিউন”ৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজ্যোতি বৰুৱাই ৷ “Saint; Saviour; Soul; Society” গ্ৰন্থখনে পাঠকৰ দীৰ্ঘদিনীয়া হেঁপাহ পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰে কেউগৰাকী উন্মোচকে ৷কবি-সাংবাদিক নৱজ্যোতি পাঠকে আঁত ধৰা সভাখন জোনালী ওজা বসুমতাৰীয়ে পৰিৱেশন কৰা এটি বৰগীতেৰে আৰম্ভ কৰা হয় ৷ অসম বুক হাইভৰ স্বত্বাধিকাৰী ধীৰাজ গোস্বামীয়ে গ্ৰন্থকাৰ আৰু উন্মোচকক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে গ্ৰন্থখনে পাঠক সমাজৰ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে৷ সমাজ, সংকট আৰু সাহিত্য উন্মোচন।

গ্ৰন্থমেলাৰ বীৰেন্দ্ৰ নাথ দত্ত সভাগৃহত আজি উন্মোচিত হয় ড° গৰিমা কলিতাই ৰচনা কৰা গ্ৰন্থ “সমাজ, সংকট আৰু সাহিত্য” ৷ কিতাপখন উন্মোচন কৰে বিশিষ্ট সাহিত্য সমালোচক প্ৰভাত বৰাই ৷ সভাত নিমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰে কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক প্ৰবীন গোস্বামী, বিশিষ্ট কবি অনুভৱ তুলসী , বিশিষ্ট গল্পকাৰ অতনু ভট্টাচাৰ্যই ৷

Leave A Reply