Breaking

নগৰবেৰাত জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰিব গৈ ৰাইজ,ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সন্মুখীন হয় আভ্যন্তৰীণ জল পৰিবহণ বিভাগ…

0 57

নগৰবেৰাত জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰিব গৈ ৰাইজ,ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সন্মুখীন হয় আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাৰ্যবাহী অভিযন্তা সহ একাংশ বিষয়া-কৰ্মচাৰী ।শনিবাৰৰ আবেলি নগৰবেৰাৰ DBRP পাৰঘাটত এই প্ৰতিবাদী কাৰ্যসূচী ।

স্মৰ্তৱ্য যে পাৰঘাটটোত ৰাইজে গাঁঠিৰ ধন ব্যয় কৰি কিছু বছৰৰ পূৰ্বে নিৰ্মাণ কৰিছিল কোটিটকীয়া কাঠৰ দলং এখন ,শেহতীয়াকৈ জিলা প্ৰশাসনে দলংৰে চলাচল বন্ধ কৰি পুনৰ নিৰ্দেশ জাৰি কৰিছিল নাৱেৰে পাৰাপাৰ হ’বলৈ সদ্যহতে দলংৰ তদাৰকী দ্বায়িত্বত আছে সংশ্লিষ্ট লোকনিৰ্মাণ বিভাগ ৷ পিছে সাত মাহ কাল লোক নিৰ্মাণ বিভাগে চোৱাচিতা কৰি থকা দলং খনৰ শেহতীয়া অৱস্থা হৈ পৰিল অতিকে জৰাজীৰ্ণ ।

হঠাৎ পুনৰ এক জাননী যোগে লোক নিৰ্মাণ বিভাগে দলংখন বন্ধ কৰি পাৰঘাটটোৰ দ্বায়িত্ব অৰ্পণ কৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগক ,অৰ্থাৎ পুনৰ দলংৰ ঠাইত নাও চলাচলৰ সিদ্ধান্ত । IWT বিভাগে দলংৰে যাতায়াত বন্ধ কৰি পুণৰ নাঁৱৰে চলাচল কৰিবলৈ লোৱা সিদ্ধান্তৰ বিষয়ে খৱৰ পোৱা মাত্ৰেই প্ৰায় ২০খনকৈ গাওঁৰ ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া ।

লোক নিৰ্মাণ বিভাগে কাঠৰ দলংৰ ঠাইত পকী দলং নিৰ্মাণৰ পৰিবৰ্তে DBRP পাৰঘাটত পুনৰাই নাওৰ চলাচলৰ সিদ্ধান্ত লোৱাত ৰাইজৰ লগতে জাঙুৰ খাই উঠে ৰাইজৰ লগতে কেইবাখনো স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ কৰি পৰিবেশ উত্তাল কৰি তোলে । ৰাইজে হয় কাঠৰ দলং মেৰামতি অথবা পকী দলং এখন নিৰ্মাণৰ দাবীৰে সাব্যস্ত কৰে এই প্ৰতিবাদ | জিলা প্ৰশাসনৰ লগতে ৰাজ্যৰ মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনালে ৰাইজ,ছাত্ৰ-ছাত্ৰীয়ে ।

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট

Leave A Reply