Breaking

বিহুৰ পুৱাই ব্ৰহ্মপুত্ৰ অঞ্চলত গঁড়ৰ সন্ত্ৰাস, গঁড়ৰ আক্ৰমণত আহত হাঁহচৰাৰ লাটু দাস…

0 19

এফালে ৰাজ্যবাসী অসমীয়াৰ বাপতিসাহোন ৰাঙালী বিহুক আদৰাত ব্যস্ত অন্য হাতে দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ হাজাৰ হাজাৰ লোক পুৱাৰে পৰা গঁড় খেদাত ব্যস্ত হৈ পৰিছে। গৰু বিহুৰ পুৱাই এটা প্ৰকাণ্ড গঁড়ৰ মুক্ত বিচৰণে আতংকিত কৰি তুলিছে ব্ৰহ্মপুত্ৰ বাসীক।গৰু বিহুৰ পুৱাই গঁড়টোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় হাঁহচৰাৰ লাটু দাস নামৰ এজন যুৱক।ঘটনাক লৈ চাঞ্চল্য অব্যাহত থকাৰ মাজতে বনকৰ্মীয়ে গড়লৈ বুলি নিক্ষেপ কৰা ৰাবাৰৰ গুলীত আঘাতপ্ৰাপ্ত হ’ল ৰঙামাটিৰ নাছিৰউদ্দিন নামৰ এজন লোক।স্থানীয় ৰাইজে নাছিউদ্দিনক ততালিকে খকণ্ডগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে।ঘটনাক কেন্দ্ৰ কৰি একাংশ স্থানীয় ৰাইজ আৰু বন বিভাগৰ লোকৰ মাজত তীব্ৰ বাক বিতণ্ডা হোৱাও দেখা যায়।

অৱশ্যে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে ব্ৰহ্মপুত্ৰ অঞ্চলৰ বিভিন্ন স্থানত পুৱাই মুক্ত বিচৰণ কৰি থকা গঁড়টোৱে হাঁহচৰাৰ লাটু দাস নামৰ এজন যুৱকক আক্ৰমণ কৰে।লগে লগে অঞ্চলটোৰ লোকসকলে বন বিভাগক খবৰ দিয়ে।খবৰ পোৱাৰ পিচত বন বিভাগৰ লোক সেই স্থানত উপস্থিত হৈ গঁড়টোক খেদি পঠিওৱাৰ চেষ্টা চলায়। আহত লোকজনক ততাটয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।পৰবৰ্তী পৰ্যায়ত গঁড়টোৱে মামৰণি হৈ বৰকৰৈয়নিৰ এটা মূল পথৰ কাষতে কিছু সময় অৱস্থান গ্ৰহণ কৰে আৰু তাৰ পাছতেই পুলিকৰৈয়নি,বালিদোৱা হৈ জৰাগুৰিত প্ৰবেশ কৰে।জানিব পৰা মতে গঁড়টোক খেদি পঠিয়াবলৈ বন বিভাগ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই।গৰু বিহুৰ দিনাই দেৰগাঁৱত সংঘটিত এই ঘটনাই ৰাইজক শংকিত কৰি তুলিছে।

Leave A Reply