Breaking

আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি সাহানী কাৱাৰিয়া এনজিঅ’ৰ পানবজাৰ মহিলা থানাত সম্বৰ্ধনা অনুষ্ঠান…

0 44

আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি সাহানী কাৱাৰিয়া এনজিঅ’ৰ পানবজাৰ মহিলা থানাত সম্বৰ্ধনা অনুষ্ঠান

পানবজাৰ থানাৰ কৰ্মৰত মহিলা আৰক্ষী, পল্টন বজাৰ থানাৰ মহিলা আৰক্ষী, লটাশিল থানাৰ মহিলা আৰক্ষীৰ লগতে যান-বাহন শাখাৰ শতাধিক মহিলা আৰক্ষীক সম্বৰ্ধনা ,সাহানী কাৱাৰিয়া এনজিঅ’ই বিভিন্ন সময়ত দুৰ্গতসকল সহায়ৰ হাত আগবঢ়াই জনসমাদৃত হৈ অহাৰ সমান্তৰালভাৱে বিগত সপ্তাহত নাৰী দিৱসৰ সৈতে সংগতি ৰাখি ভিন্ন স্থানত নাৰী দিৱসৰ কাৰ্যসূচী ৰূপায়ন কৰি নাৰীসকলক যথোচিত সন্মান প্ৰদান কৰিছে। সাহানী কাৱাৰিয়া এনজিঅ’ৰ সম্পাদক ৰাজু সাহানীৰ নেতৃত্বত আজি আবেলি ৩ বজাৰ পৰা পানবজাৰ মহিলা থানাত পানবজাৰ থানাৰ কৰ্মৰত

মহিলা আৰক্ষী, পল্টন বজাৰ থানাৰ মহিলা আৰক্ষী, লটাশিল থানাৰ মহিলা আৰক্ষীৰ লগতে যান-বাহন শাখাৰ শতাধিক মহিলা আৰক্ষীক সম্বৰ্ধনা এক বিশেষ কাৰ্যসূচী ৰূপায়ন কৰে। উক্ত অনুষ্ঠানত দিন ৰাতি একাকাৰ কৰি জন সেৱাৰ্থে কৰ্মৰত প্ৰতিগৰাকী নাৰীক আনুষ্ঠানিকভাৱে ফুলাম গামোছা, জাপি, উপহাৰৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত ভাষণ প্ৰসংগত সম্পাদক ৰাজু সাহানীয়ে – নাৰী সকলৰ মাজতে নিহিত হৈ আছে বিশাল প্ৰতিভাৰ ভাণ্ডাৰ। এই প্ৰতিভা বিকশিত কৰিব পৰাকৈ উপযুক্ত পৰিবেশ দি আমি পুৰুষ সমাজে সহযোগিতা কৰিব লাগিব।


কেৱল বাতৰি কাকত বা ফেচবুক, হোৱাটচএপত মহিয়সী, সৃষ্টিশীলা আদি বিশেষণীয় বিশেষণৰে শুভেচ্ছাবাণী লিখি উপচাই তোলাৰ পৰিৱৰ্তে নাৰীক সন্মান প্ৰদান কৰি প্ৰকৃতাৰ্থত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰি নাৰীক মৰ্যাদা দিবলৈ সকলোৱে সংকল্পবদ্ধ হওক বুলি মন্তব্য কৰে। অনুষ্ঠানত পানবজাৰ মহিলা আৰক্ষী বিষয়া টিংকল গোস্বামী, সহ আৰক্ষী বিষয়া বৰষা বৰগোহাঁই, সাহানী কাৱাৰিয়া এনজিঅ’ৰ সভাপতি ৰাজকুমাৰ কনৱাৰ, সম্পাদক ৰাজু সাহানী, সদস্য কে.এন সিংহ, কিষণ জয়ছোৱাল, কনহইয়া জয়ছোৱাল, লেখক কমল কুমাৰ উপস্থিত থাকে।

Leave A Reply