Breaking

পবিত্ৰ শিক্ষক দিৱস উপলক্ষে…

0 132


অ আ ক খ শিক্ষাৰ বয়স ৷ তাহানিতে শিশু সকলৰ বাবে অংগনৱাড়ী কেন্দ্ৰ নাছিল ৷ প্ৰথম , দ্বিতীয় , তৃতীয় আৰু চতুৰ্থ মানলৈ পঢ়িব লাগে ৷ যাক আমি প্ৰাথমিক বিদ্যালয় বা নিম্ন বুনিয়াদী বিদ্যালয় বুলি কওঁ ৷ পঢ়াশালিৰ জীৱনত আমি প্ৰথম শ্ৰেণীক ক মান আৰু দ্বিতীয় শ্ৰেণীক খ মান বুলি সহজ ভাষাত কোৱা হয় ৷ আমি শিশু কালত পঢ়া শৈক্ষিক মানদণ্ড বৰ্তমানৰ তুলনাত বহু উন্নত ৷ শিক্ষাৰ গুণগত মানদণ্ডও আছিল বহুগুণে উৰ্ধত ৷ বিদ্যালয় আছিল আমাৰ বাবে মন্দিৰ ৷ শিক্ষা গুৰু সকল আমাৰ বাবে ভগবান স্বৰূপ ৷ আমি যথেষ্ট শ্ৰদ্ধা আৰু ভক্তি কৰো ৷ একো একো গৰাকী শিক্ষাগুৰু আছিল গাওঁখনৰ এগৰাকী আদৰ্শবান ব্যক্তি ৷ শিক্ষাগুৰু সকল কেৱল বিদ্যালয়ৰ শিক্ষায়তনিক দিশৰ মাজত সীমাবদ্ধ নাছিল ৷

তেখেত সকল প্ৰতিঘৰৰ পৰিয়ালৰ মাজত আদৰ্শ অভিভাৱকৰ ভুমিকাও পালন কৰিছিল ৷ তেখেত সকলে দিয়া পৰামৰ্শ তিলতিলকৈ মানি চলিছিল ঘৰৰ পৰিয়ালে ৷ মুঠতে জীৱন্ত আদৰ্শ স্বৰূপ শিক্ষা গুৰু সকলক ছাত্ৰছাত্ৰী , অভিভাৱক তথা সকলোৱে মানি চলিছিল ৷ কেতিয়াবা শিক্ষাগুৰু সকলে গাওঁৰ কাৰোবাৰ ঘৰত আহিলে ঘৰৰ পৰিয়ালে নিজকে মহাভাগ্যবান বুলি ভাবিছিল ৷ শিক্ষা জীৱনত শিক্ষাগুৰু সকলক যথেষ্ট শ্ৰদ্ধা কৰি চলিছিলো আৰু মনত চাৰৰ প্ৰতি ভয় শংকাও আছিল অতিমাত্ৰা ৷ মোৰ আচৰণত চাৰে কিজানিবা বেয়াই পাইছে নেকি ৷ এই বিষয়ৰ প্ৰতি আমি সদা সতৰ্ক আছিলো ৷ যি কি নহওঁক শিক্ষাগুৰু সকলৰ কথা আমি কেতিয়াও অমান্য কৰা নাই ৷ চাৰে যি কয় আমি পালন কৰো ৷ যি দিনাখন হোমৱৰ্ক কৰিব দিব ৷ সেইদিনা খন আৰু টোপনি নাই ৷

চাৰে দিয়া হোমৱৰ্ক খিনি কৰাৰ পাছতেহে খোৱাবোৱা বা অন্যকাম ৷ এসময়ত এচাৰিৰ আগত বিদ্যা বুলি এষাৰি কথা আছিল ৷ ছাত্ৰানং অধ্যয়ণং তপঃ বুলি ঋষি মুনি সকলে কোৱা বাণীও আছিল ৷ এই দুষাৰী বাক্যই মোৰ ছাত্ৰ জীৱনত বৰকৈ প্ৰভাৱ পৰিছিল ৷ ছাত্ৰ ছাত্ৰী সকলৰ অধ্যয়ণেই তপস্যা বুলি কোৱা বাক্যই পঢ়াৰ বাদে অন্যত সিমান মতিগতি নাই বুলিয়েই কব পাৰি ৷ ছাত্ৰৰ জীৱন মানে পঢ়া বাদে অন্য ভাবিব পৰা থল নাছিল ৷ সেয়েহে মনপুত ভাবে পঢ়াশুনা কৰিছিলো ৷ ইফালে চেকণিৰ আগত বিদ্যা বোলা কথাষাৰিৰ বাবেই পঢ়াত মন ধ্যান বহিছিল ৷ মই মহজুলি প্ৰাথমিক বিদ্যালয়ত তৃতীয় নে চতুৰ্থ মানত চাগে পঢ়ি আছিলো ৷ ঐকিক প্ৰণালীৰ অংক আছিল ৷ অন্যান্য ছাত্ৰছাত্ৰী সকলৰ দৰে ময়ো অংকটো কৰিব পৰা নাছিলো ৷ চাৰে শিকাই , বুজাই যদিও মোৰ মগজুত সোমোৱা নাছিল ৷

অংকটো বাৰে বাৰে ভুলকৈয়ে কৰো ৷ তেতিয়া যামিনী বড়ো চাৰে মোক খুব ভালকৈয়ে বাঁহৰ এছাৰিত দুচাটমান কোব দিলে ৷ লগে লগে মই ঐকিক প্ৰণালীৰ অংক কৰিব পৰা হলো ৷ ঐকিক প্ৰণালীৰ অংক দিয়া মানে এক , দুই মিনিট মানৰ ভিতৰতে কৰিব পৰা হৈছিলো ৷ আনহাতে জমা খৰছৰ অংকও ভাতৰ লগত পানী খোৱাৰ দৰে কৰিব পৰা হলো ৷ হয় , এসময়ত আমাক যামিনী বড়ো চাৰে পঢ়াইছিল ৷ চাৰৰ ব্যক্তিত্বই মোৰ পঢ়া জীৱনৰ শিক্ষাৰ অংকুৰিত বীজ ৰোপন কৰিছিল ৷ একেদৰে মহজুলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহম্মদ আলী চাৰক আমি সদায় ভয় কৰি চলো ৷ চাৰৰ তৰ্জন গৰ্জন পিটনৰ ভয়ত আমি পঢ়িছিলো ৷খুব পঢ়িছিলো ৷ প্ৰয়োজন হলে কিতাপখনকে মুখস্থ কৰি দিছিলো ৷ প্ৰাথমিক বিদ্যালয়ত কিছু দিনৰ বাবে পুনেশ্বৰ কানু চাৰেও আমাক পঢ়াইছিল ৷ এটা কথা আচৰিত পাওঁ ৷ তাহানিৰ সেই জৰাজীৰ্ণ পঢ়াশালিতেই এশ , ডেৰশ ছাত্ৰ ছাত্ৰীৰ বিপৰীতে দুগৰাকী শিক্ষকে সুন্দৰকৈ পঢ়াবলৈ সক্ষম হৈছিল ৷ ইয়াৰ মুল কাৰণ আছিল শিক্ষক সকলৰ প্ৰতি ছাত্ৰ ছাত্ৰী সকলৰ অগাধ শ্ৰদ্ধা আৰু এচাৰিৰ আগত বিদ্যা নীতি ৷ ইয়াৰ বাবেই বোধকৰো আমি তাহানিৰ বৃত্তিমুলক পৰীক্ষাত অৱতীৰ্ণ হবলৈ সক্ষম হৈছিলো ৷ সময়ৰ লগে দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিৰণ্য বৰা চাৰ , সহশিক্ষক প্ৰতাপ বৰা চাৰ , শৰৎ শইকীয়া চাৰ , পৱনসিং ঘাটোৱাৰ চাৰ , প্ৰবোধ শইকীয়া চাৰৰ উপৰিও বহু কেইগৰাকী সন্মানীয় শিক্ষাগুৰু সকলে আমাক পঢ়াইছিল ৷ চাৰ সকলে কোৱা কথা এষাৰি এতিয়াও মোৰ বুকুত খুন্দা মাৰেহি ৷ ঐ লৰাহঁত , মনে মনে থাক ৷ তোমালোকৰ দেউতাহঁতক পঢ়াইছিলো ৷ আজি নাতিক পঢ়াইছো বুলি সঘনাই সগৌৰৱেৰে চাৰ সকলে আমাক উদ্দেশ্যি কৈছিল ৷ তেখেত সকলৰ কথা মনত পৰিলে আজিও কপি উঠি হৃদয় ৷ শ্ৰদ্ধাত নতশিৰ হওঁ ৷ চৰণ চুবলৈ মন যায় ৷ বহু সংখ্যক চাৰ আজি আমাৰ মাজত নাই ৷ পৰমধামলৈ গতি কৰিলে ৷ যদিও মনৰ গোপন কোনত লুকাই থকা তাহানিৰ সেই স্মৃতি মনত পৰিলে আজিও মন হাহাকাৰ কৰি উঠে ৷ সময় গতিশীল ৷ এই পৰিৱৰ্তিত সময়ৰ খোজত পবিত্ৰ শিক্ষক দিৱসৰ ক্ষণত প্ৰয়াত শিক্ষাগুৰু সকলৰ প্ৰতি মোৰ অশ্ৰুঅঞ্জলীৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো ৷ আৰু মোক পঢ়োৱা শিক্ষাগুৰু সকলৰ লগতে সমুহ শিক্ষাগুৰু সকললৈ মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছো ৷

শ্ৰীৰমেশ চন্দ্ৰ চৰেণ
বিশ্বনাথ চাৰিআলি(বালিচাং

Leave A Reply