অন্ধ্ৰ প্ৰদেশ, মধ্য প্ৰদেশ, ছত্তীশগড়, কেৰালা, কৰ্ণাটক, পঞ্জাৱ, হাৰিয়ানা আৰু তামিলনাডুৰ ৰাজ্য গঠন দিৱস

উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যকেইখনৰ জনসাধাৰণক আন্তৰিক অভিনন্দন জনাইছে।

উত্তৰৰ পৰা দক্ষিণলৈ আমাৰ মহান জাতি ধৰ্মৰ সূতাৰে বান্ধ খাই আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে মা ভাৰতীৰ সন্তান হিচাপে প্ৰতিখন ৰাজ্যই যাতে সমৃদ্ধিশালী হয়, তাৰেই কামনা কৰিছে।