বিৰাট কোহলীয়ে পত্নী অনুষ্কা শৰ্মাক জন্মদিনৰ শুভেচ্ছা জনাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে কেইখন মান বিশেষ ফটো।সোমবাৰে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ ষ্টেণ্ড-ইন অধিনায়ক বিৰাট কোহলীৰ পত্নী অনুষ্কা শৰ্মাই ৩৫ সংখ্যক জন্মদিন উদযাপন কৰিছে।সোমবাৰে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ ষ্টেণ্ড ইন অধিনায়ক বিৰাট কোহলীয়ে তেওঁৰ পত্নী তথা বলীউডৰ তাৰকা অনুষ্কা শৰ্মাৰ ৩৫ সংখ্যক জন্মদিনত ৰোমান্টিক শুভেচ্ছাৰে পোষ্ট কৰে।
Love you through thick, thin and all your cute madness
— Virat Kohli (@imVkohli) May 1, 2023️. Happy birthday my everything
@AnushkaSharma pic.twitter.com/AQRMkfxrUg
সোমবাৰে নিশা একনা ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া আই পি এল ২০২৩ৰ খেলখনৰ পূৰ্বে কোহলী বৰ্তমান লক্ষ্ণৌত আছে।অনুষ্কা শৰ্মা আৰু কোহলীয়ে ২০১৭ চনৰ ডিচেম্বৰ মাহত ইটালীত বিবাহপাশত আবদ্ধ হয়। ২০১৩ চনত শ্বেম্পুৰ বিজ্ঞাপন শ্বুটিং কৰি থকাৰ সময়তে এই দম্পতীহালে লগ হৈছিল।কোহলী আৰু ‘বিৰুষ্কা’ নামেৰেও পৰিচিত অনুষ্কাৰ বিবাহৰ ৫ বছৰতকৈও অধিক হ’ল আৰু দুয়োৰে একেলগে ভামিকা নামৰ দুবছৰীয়া কন্যা সন্তান এটিও আছে।