ধেমাজি জিলাৰ চিলাপথাৰৰ বগীবিল দলঙৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে কাৰেং চাপৰিত কালিৰে পৰা নৱম বাৰ্ষিক মিচিং যুৱ মহোৎসৱ আৰম্ভ হৈছে।চাৰিদিনিদীয়াকৈ অনুষ্ঠিত কৰা মহোৎসৱৰ আজি দ্বিতীয় দিনাৰ পুৱা ৯ বজাৰ পৰা পঃলঃ মঞ্চত নিশালৈ অনুষ্ঠিত কৰা হয় মিচিং লোকগীতৰ প্ৰতিযোগিতা আৰু দঃঞি মঞ্চত অনুষ্ঠিত কৰা হয় মিচিং লোকনৃত্য প্ৰতিযোগিতা।পুৱা ১১ বজাৰ পৰা থলুৱা ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।পুৱা ১১ বজাৰ পৰা আৰম্ভ কৰা হয় আলোচনা সত্ৰৰ। আলোচনা চক্ৰত (ক)”মিচিং যুৱ সকলৰ জীৱন-জীৱিকাৰ বাবে বহনক্ষম পাম ভিত্তিৰ সুযোগ সুবিধা” শীৰ্ষক বিষয়ৰ আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে উদ্যান শস্য আৰু খাদ্য সংসাধনৰ সঞ্চালক ত্ৰিৰঙ্গা ভাৰতীয় বৰুৱাই।


(খ)”পৰ্যটন আৰু স্বাস্থ্যখণ্ড প্ৰক্ৰিয়াকৰণৰ ব্যৱস্থাপনা” শীৰ্ষক বিষয়ত আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে সোণাপুৰ কলেজৰ ভ্ৰমণ আৰু পৰ্যটন বিভাগৰ সহযোগী অধ্যাপিকা ড৹ স্বপ্না মেধয়ে।(গ)”হস্ত্ৰতাঁতশিল্পৰ সম্ভাৱনীয়তা” শীৰ্ষত বিষয়ৰ আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে অসম গৌৰৱ বঁটা প্ৰাপক জেচিন পাৱ কুম্বাঙে।অনুষ্ঠানত কৃষি আৰু সংশ্লিষ্ট খণ্ডত নৱ সম্ভাৱনীয়তা, উদ্যান শস্য খণ্ডত উদ্যোগৰ সম্ভাৱনীয়তা, কৃষক সকলৰ আয় বৃদ্ধিৰ বাবে বহুতৰপীয়া সমন্বিত আৰু সংমিশ্ৰিত কৃষি পদ্ধতিৰ প্ৰয়োগৰ বিষয়ত বিজ্ঞানসন্মত আৰু প্ৰণালীৱদ্ধ আলোচনা আগবঢ়াই সমল ব্যক্তি সকলে। সন্ধিয়া ৫ বজাত অসমীয়া আৰু মিচিং ভাষাত অনুষ্ঠিত কৰা হয় কবি সন্মিলন। বিশিষ্ট কবি নবীন কামান সমন্বয়ক হিচাপে উপস্থিত থকা কবি সন্মিলনত।
সন্ধিয়া ৬ বজাৰ পৰা মিচিং মিউজিকেল বেণ্ডৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয়। অনুষ্ঠানত বমৈ,দঃঞি, লৃচাং,লৃগাং,লৃবাং বেণ্ডৰ বাদ্যযন্ত্ৰ পৰিৱেশন কৰে অভিনাভ অনুৰাগ,অৱনী মিলি, কিশোৰ টাইদ, নিশা অঃমে,ফিৰোজ পাইত,অপাংকি দলে, চিনু পাগলাম,পাপালা মিলি, ধৰ্মৰাগ পাংগিং,আইমী মিলি, ভাইকন মাজুলী, মহেন্দ্ৰ পি,পল্লৱী দলে, দিপ্তীপ্ৰিয়া লাগাছু,ৰুবী কামান,ৰয়েন চুংক্ৰাং,আয়াং দলে,চণ্ডী পেগু, ৰুয়িৰ পেগুয়ে। অনুষ্ঠানত পৰম্পৰাগত ফেশ্বন শ্ব’ আৰু ৰাপাৰ শ্ব’ অনুষ্ঠিত কৰা হয়। কাইলৈ অৰ্থাৎ ৬ ফেব্ৰুৱাৰী পুৱা ১০ বজাৰ পৰা মিচিং লোকগীতৰ চুড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতা আৰম্ভ হ’ব।দিনৰ ১ বজাত টিএমএমকেৰ সভাপতি তিলক দলেৰ সভাপতিত্বত আৰম্ভ হ’বলগা প্ৰথম মুকলি সভাখন উদ্ধোধন কৰিব জোনাইৰ বিধায়ক ভূৱন পেগুয়ে।মুকলি সভাত মুখ্য অতিথি হিচাপে এমএচিৰ প্ৰধান পৰমানন্দ চায়েঙ্গীয়া,সন্মানীয় অতিথি হিচাপে ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাকলাৰী,এমএচিৰ অধ্যক্ষ সুশীল কুমাৰ পেগু,বিশেষ সন্মানিত অতিথি হিচাপে অৰুণাচল প্ৰদেশৰ বিধায়ক নিয়ামাৰ কাৰ্বাক,আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, এজেৱাইচিপিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহাই, এবছুৰ সভাপতি দ্বীপেন বড়ো,আদি ছাত্র সন্থাৰ সভাপতি জাৰ্ব জামু,গাল’ ছাত্র সন্থাৰ সভাপতি জিৰ্ববলে,নিচি ছাত্র সন্থাৰ সভাপতি নাবাম দদুম,তাগিন ছাত্র সন্থাৰ সভাপতি টাতাক পাগবা,আপাতানি ছাত্র সন্থাৰ সভাপতি পুৰা নাদ’,মিচিং আগম কৌবাঙৰ সভাপতি হৰি নাৰায়ণ পেগু, টিএমএমকেৰ সভানেত্ৰী গীতাঞ্জলী বড়ি পাতিৰ,মিচিং দৃৰবৃ কৌবাঙৰ সভাপতি অশ্বিনী কুমাৰ দলে, সদৌ অসম জনজাতি য়ুথ লীগৰ সভাপতি ধীৰেণ ইংতি প্ৰমুখ্যে কাৰ্বি,ৰাভা, দেউৰী, সোনোৱাল কছাৰী, মটক, মৰাণ,তাই আহোম, চুতীয়া, ডিমাছা, হাজং,গোৰ্খা, চাহ জনজাতি, বাঙালী আদি জাতি-জনগোষ্ঠীৰ ছাত্র সংগঠনৰ শীৰ্ষ নেতা সকল উপস্থিত থাকিব। সন্ধিয়া ৫ বজাৰ পৰা মঞ্চত পৰিৱেশন হ’ব সাংস্কৃতিক অনুষ্ঠান।

