Breaking

শিক্ষক দিৱসৰ বিশেষ দিনটোতে সেমেকি উঠিল এগৰাকী সদ্য অৱসৰী শিক্ষকৰ দুচকু

0 550

শিক্ষক দিৱসৰ বিশেষ দিনটোতে সেমেকি উঠিল এগৰাকী সদ্য অৱসৰী শিক্ষকৰ দুচকু।বিনাবেতনে ২৬ বছৰে শিক্ষকতা কৰি নমস্য শিক্ষাগুৰুৱে ভাটিবয়সত পৰিয়াল চলাইছে পদপথত পান দোকান দি।৫ ছেপ্তেম্বৰ, শিক্ষক দিৱস ,এই বিশেষ দিনটোত এগৰাকী শিক্ষকৰ মন ভাৰাক্ৰান্ত ,জীৱনৰ কৰ্মঠ সময়চোৱা বিনাবেতনে পাৰ কৰিলে স্থানীয় স্কুলত শিক্ষকতা কৰি, অৱসৰী মুহুৰ্তলৈকে নাপালে এটকাও।৫ ছেপ্তেম্বৰ,শিক্ষক দিৱস,এই বিশেষ দিনটোত এগৰাকী শিক্ষকৰ মন ভাৰাক্ৰান্ত ,জীৱনৰ কৰ্মঠ সময়চোৱা বিনাবেতনে পাৰ কৰিলে স্থানীয় স্কুলত শিক্ষকতা কৰি, অৱসৰী মুহুৰ্তলৈকে নাপালে এটকাও।৫ ছেপ্তেম্বৰ,শিক্ষক দিৱস ,এই বিশেষ দিনটোত এগৰাকী শিক্ষকৰ মন ভাৰাক্ৰান্ত ,জীৱনৰ কৰ্মঠ সময়চোৱা বিনাবেতনে পাৰ কৰিলে স্থানীয় স্কুলত শিক্ষকতা কৰি, অৱসৰী মুহুৰ্তলৈকে নাপালে এটকাও।নাম তেওঁৰ ৰত্নেশ্বৰ কলিতা ,ঘৰ নগৰবেৰাৰ পিজুপাৰা গাঁৱত ,স্থানীয় মদন চন্দ্ৰ দাস এম ই স্কুলত ২৬ বছৰে শিক্ষকতা কৰি ফুটাকড়ি এটাও নাপালে চৰকাৰৰ পৰা ,থকা ভেটিটোৰ বাহিৰে নাই খেতি মাটি এডৰাও।

পেটৰ তাড়নাত তেওঁ আজি পদপথৰ দোকানী,পঞ্চায়তৰ বাৰাণ্ডাত কেইখিলামান পাণ, বিস্কুট-চিপচ্ ৰ পেকেট লৈ এইদৰে কটাইছে নিত্য সময়, অন্তৰত বহু অব্যক্ত দুখ আৰু নোপোৱাৰ হুমুনিয়াহ।জীৱনৰ কমাৰশালত বহু শিক্ষাৰ্থীৰ জীৱন গঢ়িলে চাৰ ৰত্নেশ্বৰ কলিতাই, পিছে শিক্ষক দিৱসৰ দিনটোত নিজৰ কথা ভাবিহে হৈ পৰিছে বিমৰ্ষ।আজিও আশাবাদী তেওঁ ,অন্ততঃ সহানুভূতিশীল হৈ চৰকাৰে তেওঁলৈ আগবঢ়াব কিছু ধন ,ভাটিবয়সত চাৰ’ৰ শূন্য দুহাতলৈ আহিব আৰ্থিক সকাহ।

Leave A Reply