Breaking

নাৰী দিৱসৰ দিনাই ৰাজ্যসভালৈ মনোনীত ইনফ’ছিচ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক ড° সুধা মূর্তিক, প্রধানমন্ত্রীয়ে জনালে শুভেচ্ছা…

0 32

ৰাজ্যসভালৈ মনোনীত কৰা হ’ল ইনফ’ছিচ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক ড° সুধা মূর্তিক

ৰাজ্যসভাৰ সাংসদ পদৰ বাবে মনোনীত কৰা হ’ল ইনফ’ছিচ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক ড° সুধা মূৰ্তিক। ‘নাৰী দিৱস’ দিনাই এই কথা ঘোষণা কৰি ড° সুধা মূৰ্তিক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শিক্ষাবিদ, প্ৰখ্যাত সাহিত্যিক হিচাপে পৰিচিত সুধা মূৰ্তি। তেওঁৰ আন এটা পৰিচয় হ’ল ইনফ’ছিছৰ মুৰব্বী নাৰায়ণ মূৰ্তিৰ পত্নী। ভাৰতীয় শিক্ষাবিদ তথা সাহিত্যিক সুধা মূৰ্তিক ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত কৰিছিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰ হেণ্ডেল পোষ্ট কৰি এই কথা ঘোষণা কৰে।

মোদীয়ে নিজৰ পোষ্টত লিখিছে, ‘ৰাষ্ট্ৰপতি মূৰ্মুৱে সুধা মূৰ্তিক ৰাজ্যসভাৰ বাবে মনোনীত কৰিছে। এই খবৰ পাই মই বহুত সুখী। সামাজিকআৰু শৈক্ষিক ক্ষেত্ৰত তেওঁ বহু কাম কৰিছে। নাৰী শক্তিৰ কথা বাৰে বাৰে প্ৰধানমন্ত্ৰীৰ মুখত শুনা যায়। বহুতে নাৰী দিৱসৰ এই ঘোষণা অতি তাৎপৰ্যপূৰ্ণ বুলি অনুভৱ কৰে। মোদীৰ ভাষাত, “সংসদৰ উচ্চ সদনত সুধা মূৰ্তিৰ উপস্থিতি আমাৰ ‘মহিলা শক্তি’ৰ দিশত এক শক্তিশালী পদক্ষেপ।” তেওঁক সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ বাবে অভিনন্দন জনাও।” ইনফ’ছিছৰ নেতা নাৰায়ণ মূৰ্তিৰ পত্নী সুধা সমাজসেৱা আৰু শিক্ষাৰ ক্ষেত্ৰত এগৰাকী বিশিষ্ট শিক্ষাবিদ হিচাপে পৰিচিত।

আনহাতে ২০০৬ চনত সুধাক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়। ২০২৩ চনত পদ্মভূষন বঁটা লাভ কৰে সুধাই।

Leave A Reply