Breaking

একালৰ এগৰাকী বিদ্ৰোহী নেতা তথা বিশিষ্ট নাট্যকাৰ অৰ্পন বেজবৰুৱা জটিল ৰোগত আক্ৰন্ত হৈ মৃত্যু

0 91

একালৰ এগৰাকী বিদ্ৰোহী নেতা । যি গৰাকী নেতাই আলফাৰ আদিপাঠ দিছিল । এবাৰ নহয় দুবাৰ নহয় পোন্ধৰ বাৰকৈ আলোচনাত মিলিত হৈছিল । এ পি এলৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা বিশিষ্ট নাট্যকাৰ অৰ্পন বেজবৰুৱা জটিল ৰোগত আক্ৰন্ত তেজপুৰ ই এম এম হস্পিতালত চিকিৎসাধীন হৈ আজি পুৱা তেজপুৰ মেডিকেল কলেজ হস্পিতালত পৰলোকপ্ৰাপ্তি ঘটে ।

অসমৰ স্বাধীনৰ দাবীত আলফাৰ প্ৰতিষ্ঠা হোৱাৰ পুৰ্বে তেজপুৰৰ ডিপোটাত প্ৰতিষ্ঠা হোৱা এ পি এলৰ অধ্যক্ষ অৰ্পন বেজবৰুৱাৰ বিয়োগত তেজপুৰ শোকৰ ছাঁ পৰে । উল্লেখ্যযে এসময়ৰ অসমৰ বিপ্লৱী নেতা ,বিপ্লৱী জীৱন ত্যাগ কৰি , নাট্যকাৰ, নাট্য বিভূষণ, সাংস্কৃতিক কৰ্মী, অসমীয়া সাংস্কৃতিক সমাজৰ সভাপতি, নিজৰ ঘৰৰ চোতালত মঞ্চ সাজি নতুন প্ৰজন্মক অভিনয়ৰ শিক্ষা দি অভিনয় কৰিবলৈ শিকোৱা অৰ্পণ বেজবৰুৱা জতিল ৰোগত আক্ৰান্ত হৈ ই এম এম হস্পিতালত চিকিৎসাধী হোৱাৰ পিছত তেজপুৰ মেডিকেল কলেজত চিকিৎসা কৰা অৱস্থাত আজি মৃত্যু হয়।

Leave A Reply