অ’ এন জি চিৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে পুনৰ সৰৱ ” আছু …

অ’ এন জি চিৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে পুনৰ সৰৱ ” আছু ” । নাজিৰাত উত্তাল প্ৰতিবাদত হতভ্ৰম্ভ অসম সম্পদ কৰ্তৃপক্ষ
দেশৰ অগ্ৰণী মহাৰত্ন তৈল – গেছ ঔদ্যোগীক প্ৰতিষ্ঠান ” তেল আৰু প্ৰাকৃতিক গেছ নিগম ” ( অ’ এন জি চি ) ৰ অসম সম্পদৰ ভিতৰ চ’ৰাত দীৰ্ঘদিন ধৰি গা কৰি উঠা অনা – অসমীয়া বহিৰাগত একাংশ বিষয়াৰ মইমতালিৰ ফলত প্ৰতিষ্ঠানটোৰ অসম বিৰোধী কাৰ্য – কলাপৰ বিৰূদ্ধে বিভিন্ন দল – সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পিছতো কেৰেপ নকৰে এই অসম বিৰোধী চক্ৰ তথা নিগম কৰ্তৃপক্ষই।

অ’ এন জি চি কৰ্তৃপক্ষ অদ্যাপি নিজৰ থলুৱা বিৰোধী স্থিতিত অটল থকাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিছে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা । যাৰ পৰিপ্ৰেক্ষিতত অ’ এন জি চি অসম সম্পদ কৰ্তৃপক্ষৰ বিৰুদ্ধে পুনৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈ আজি নিগমৰ অসম সম্পদৰ নাজিৰাস্থ মুখ্য কাৰ্যালয়ৰ সন্মূখত শ শ আছু কৰ্মীৰ উত্তাল প্ৰতিবাদত হতভম্মহৈ পৰা পৰিলক্ষিত হয় নিগমৰ অসম সম্পদ কৰ্তৃপক্ষ । 

প্ৰতিবাদী কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা জিলা উপদ্দেষ্টা সমীৰণ ফুকন , জিলা সভাপতি মানৱ হাজৰিকা , সাধাৰণ সম্পাদক দিপাংকৰ শইকীয়া , পৰাগ দত্ত কে ধৰি শিৱসাগৰ আৰু নাজিৰা মহকুমা ছাত্ৰ সন্থা , নাজিৰা , শিমলুগুৰি , গেলেকী , জোকতলি , নামতি , শিৱসাগৰ , গৌৰীসাগৰ , দিখৌমুখ , দিচাংমুখ , ডিমৌ আদি কেওখন আঞ্চলিক সমিতিৰ দুই সহস্বাধীক কৰ্মীৰ উত্তাল প্ৰতিবাদত স্তব্ধহৈ পৰে নিগমৰ নাজিৰাস্থ মুখ্য কাৰ্যালয়ৰ কাম – কাজ ।

পিছত বিভিন্ন দাবীৰ সন্দৰ্ভত এখন দাবী চনদ অ’ এন জি চিৰ কাৰ্যবাহী সঞ্চালকক প্ৰদান কৰি ১৫ দিনৰ সময়সীমা বান্ধি দাবী পত্ৰৰ ওপৰত শীৰ্ঘ্ৰে কাৰ্যকৰী নকৰিলে অনাগত সময়ত ইয়াতকৈ অধিক তীব্ৰতৰ ৰূপত গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে ।


নাজিৰাৰ পৰা দিলীপ হাজৰিকা

Related Articles