Breaking

হোজাই কৃষি বিভাগৰ সৌজন্যত কৃষি সামগ্ৰী বিক্ৰেতাৰ এদিনীয়া প্ৰশিক্ষন

0 2,041

হোজাই জিলাৰ অন্তৰ্গত ১০ টা কৃষি চক্ৰৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ মুঠ ১৩২ খন কৃষি সামগ্ৰী বিক্ৰেতা প্ৰতিষ্ঠানে পাইকাৰী আৰু খুচুৰা কেন্দ্ৰ হিচাপে কৃষক ৰাইজক সাৰ, বীজ, কীটনাশক দৰব ইত্যাদি সামগ্ৰী যোগান ধৰাৰ লগতে কৃষি উৎপাদনৰ ক্ষেত্ৰত বিশেষভাবে অৰিহনা যোগাই আহিছে ৷

আজি হোজাই জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই এক বিবৃতি যোগে জনোৱা মতে, এই বিক্ৰেতাসকলক সময়ে সময়ে প্ৰশিক্ষন তথা সজাগতা সভাৰ দ্বাৰা তেখেতসকলৰ কৰ্মৰাজি উন্নত কৰিবৰ নিমিত্তে জিলা কৃষি বিভাগে কাৰ্য পন্তা হাতত লৈছে ৷

যোৱা ৬ ফেব্ৰুৱাৰী তাৰিখেও হোজাই জিলা কৃষি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত জিলাখনৰ ১৩০ জনতকৈ অধিক কৃষি সামগ্ৰী বিক্ৰেতাৰ এক প্ৰশিক্ষণ অনুষ্ঠিত হয় ৷ এই প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰি হোজাই জিলা কৃষি বিষয়াই সমূহ বিক্ৰেতা প্ৰতিষ্ঠানৰ কৰ্মকৰ্তাক সততাৰে কৃষক ৰাইজক সেৱা আগবঢ়োৱাৰ বাবে পৰামৰ্শ আগবঢ়ায় ৷

‘ইফকো’ সাৰ কোম্পানীৰ বিষয়া প্ৰাৰ্থ প্ৰতীম শইকীয়াই মবাইল বা লেপটপৰ সহায়ত অনলাইন পদ্ধতিৰে সাৰ বিক্ৰী কৰাৰ কৌশল ও নিয়মবোৰৰ ওপৰত বিশদভাবে ব্যাখ্য আগবঢ়ায় ৷ হোজাইৰ সহকাৰী কৃষি পৰিদৰ্শক নাগাম থাওথাংয়ে বিক্ৰেতা সকলৰ লাইচেঞ্চ ইত্যাদিৰ ওপৰত আলোকপাত কৰে ৷ এই প্ৰশিক্ষনত উপস্থিত থাকি কৃষি উন্নয়ন বিষয়া সকল ক্ৰমে ঝুমুৰ গোস্বামী, মিৰজেং টেৰাং আদিয়ে বক্তব্য প্ৰদান কৰে ৷

Leave A Reply