Breaking

কমাৰগাঁৱৰ বছাপথাৰত ভয়ঙ্কৰ পথ দুৰ্ঘটনা নিহত এজন

0 2,241

কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বছাপথাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা এক পথ দুৰ্ঘটনা সংঘটিত হয়।উল্লেখ যে পুৱতি নিশা কমাৰগাঁও আৰক্ষীৰ এক তহলদাৰী দলে কমাৰগাঁও বছাপথাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত  AS 4AA 8515 নম্বৰ এখন বগা ৰঙৰ পালচাৰ মটৰ চাইকেল দুৰ্ঘটনা সংঘটিত হৈ পৰি থকা প্ৰত্যক্ষ কৰাৰ লগতে কিছু  নিলগত এজন যুৱক পৰি থকা প্ৰত্যক্ষ কৰি তাৎক্ষণিক ভাৱে গুৰুত্বভাৱে আহত যুৱক জনক ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে বোকাখাত অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।ইফালে গুৰুত্ব ভাৱে আঘাতপ্ৰাপ্ত যুৱক জনক উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে যদিও পুৱা যুৱক জনৰ মৃত্যু হয়।মৃত যুৱক জন কমাৰগাঁৱৰ দানহ গাঁৱৰ দেৱজিত গগৈ বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে।আনহাতে ঘন কুঁৱলিৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দিভাইদাৰত খুন্দিওৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

Leave A Reply