Breaking

শীতকালত প্ৰতিদিনে খাব লাগে এটাকৈ কেঁচা বিলাহী…

0 45

শীতকালত প্ৰতিদিনে খাব লাগে এটাকৈ বিলাহী। কেঁচা বিলাহী খালে শৰীৰত বহু উপকাৰ পোৱা যায়। আচলতে বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে। কেঁচা বিলাহী খালে শৰীৰত বহু উপকাৰ পোৱা যায়। শীতকালত কেঁচা বিলাহীখোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক…

বিলাহীত প্ৰচুৰ পৰিমাণে লাইকোপেন পোৱা যায়। ইয়াত পোৱা এন্টিঅক্সিডেন্ট হৃদৰোগৰ বাবে অতি উপকাৰী। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনা ১৪ শতাংশ হ্ৰাস পায়। ই তেজত থকা কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড হ্ৰাস কৰে। লগতে শৰীৰত এইচ ডি এল কলেষ্টেৰল বৃদ্ধি কৰে। হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

এজন ডায়েবেটিছ ৰোগীয়ে প্ৰতিদিনে ১টাকৈ কেঁচা বিলাহী খাব লাগে। বিলাহীত পোৱা লাইকোপেনে ইনচুলিন কোষৰ উন্নতি সাধন কৰে। ই কোষবোৰক ভাঙি যোৱাৰ পৰা ৰক্ষা কৰে। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক শক্তিশালী হৈ পৰে।

বিলাহীৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ইয়াৰ উপৰিও ইয়াত বিটা-কেৰটিন থাকে যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। এক গৱেষণাৰ মতে বিলাহীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা কোষ বৃদ্ধি কৰে।

বিলাহীত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। য’ত প্ৰচুৰ পৰিমাণে আঁহ থাকে। বিলাহীত দ্ৰৱণীয় আৰু অদ্ৰৱণীয় দুয়োটা যৌগ থাকে যিয়ে বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে। সেয়েহে প্ৰতিদিনে এটাকৈ বিলাহী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী।


Leave A Reply