Breaking

শীতকালত খাব লাগে ব্ৰকলি, ব্ৰকলি খালে শৰীৰ শক্তিশালী হয়…

0 102

ব্ৰকলিৰ উপকাৰ: দেখাত কবিৰ দৰে ব্ৰকলি অতি উপকাৰী। ব্ৰকলিত প্ৰটিন প্ৰচুৰ পৰিমাণে পোৱা যায়। ব্ৰকলি খালে স্বাস্থ্য সুস্থ হৈ থাকে। নিৰামিষভোজী লোকৰ বাবে ব্ৰকলিয়ে সমানেই প্ৰটিন যোগান ধৰে। সুস্বাস্থ্য বজাই ৰখাত প্ৰটিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ব্ৰকলি কিয় ইমান উপকাৰী বুলি কোৱা হয় জানো আহক-

ব্ৰকলিৰ উপকাৰিতা-

ব্ৰকলিত ২.৬ গ্ৰাম ডায়েটাৰী ফাইবাৰ থাকে, যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে। ব্ৰকলি খালে ওজন কমি যায় আৰু মেদবহুলতাও বৃদ্ধি নহয়।

ব্ৰকলি হৈছে এক প্ৰকাৰৰ ক্ৰুচিফেৰাছ শাক, য’ত বহু ধৰণৰ এন্টিঅক্সিডেন্ট পোৱা যায়। এই সকলোবোৰে কেন্সাৰ সৃষ্টিকাৰী কোষবোৰৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰিবলৈ কাম কৰে। ইয়াৰ ফলত কেন্সাৰ হোৱাৰ সম্ভাৱনা কম হয়।

ব্ৰকলিয়ে কেলচিয়াম আৰু কলাজেনে হাড় শক্তিশালী কৰাৰ কাম কৰে। ইয়াৰ উপৰিও ব্ৰকলিত ভিটামিন কেও পোৱা যায়। যাৰ নিয়মিত সেৱনে অষ্টিঅ’পৰ’ছিছ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।

ব্ৰকলিত ভাল পৰিমাণৰ ভিটামিন চি থাকে, যিটো এন্টিঅক্সিডেন্ট আৰু ইমিউন চিষ্টেম শক্তিশালী কৰাৰ কাম কৰে। ইয়াক সেৱন কৰিলে শীতকালত বহু ধৰণৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি আৰু ৰোগবোৰ আঁতৰত থাকে।


Leave A Reply