ONGC । গেছ নিৰ্বাপন কৰিব নোৱাৰা অ’এনজিচিৰ বিৰুদ্ধে নাজিৰাৰ অ’এনজিচিৰ অসম সম্পদৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ অসমীয়া যুৱ মঞ্চৰ

যোৱা বৃহস্পতিবাৰৰ পৰা সাতদিন ধৰি ভটীয়াপাৰৰ বাৰীচুকত অ’এনজিচিৰ ভয়ংকৰ গেছ নিৰ্গমনে শংকিত কৰি তুলিছে সাধাৰণ জনতাক | ভাবুকি আহি পৰিছে জীৱকুললৈ | অ’এনজিচিৰ এই ভয়ংকৰ গেছ নিৰ্গমন আজি সাতদিনে নিৰ্বাপিত কৰিব পৰা নাই তেল, প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’এনজিচিয়েও |
ভটীয়াপৰৰ বাৰী চুকত বাঘজানৰ দৰে ঘটনা সংঘটিত হোৱা আশংকাই এতিয়া বিৰাজমান কৰা পৰিলক্ষিত হৈছে | অ’এনজিচিৰ বিৰুদ্ধে ক্ষুভিত হৈ পৰিছে সাধাৰণ জনতা, দল-সংগঠন | নাজিৰাৰ অসম সম্পদৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিয়ে |
এই প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰীয়ে অ’এনজিচিৰ কাৰ্য্যবাহী সঞ্চালক (ED) ভাস্কৰ চৌধুৰীৰ পুত্তলিকা দাহ কৰিবলৈ আহে যদিও আৰক্ষীৰ সৈতে হতাহতি হয় প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে নাজিৰাৰ অ’এনজিচিৰ অসম সম্পদৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখ |