২৭ জানুৱাৰী, ২০২৫ঃ ONGC । অসম-নগালেণ্ড সীমান্তৰ এ বি চি চেক্টৰত উন্নয়নমূলক কাম-কাজত বাধাৰ সৃষ্টি কৰিছে খোদ নগালেণ্ড চৰকাৰে। পূৰ্বতে সীমান্ত অঞ্চলটোত নগা দুৰ্বৃত্তই ধন দাবী, অপহৰণ আৰু অসমৰ মাটি আগ্ৰাসন কৰি সীমান্তবাসীক অতিষ্ঠ কৰি তুলিছিল। যদিও এই ক্ষেত্ৰত নগা দুৰ্বৃত্তক নগালেণ্ড চৰকাৰৰ সমৰ্থন কৰাৰ অভিযোগ আগতে উঠিছিল, কিন্তু এইবাৰ খোদ নগালেণ্ড চৰকাৰে অসম চৰকাৰৰ উন্নয়নমূলক কাম-কাজত বাধা দিয়াৰ বাবে চিঠি প্ৰেৰণ কৰিছে।
নগালেণ্ড চৰকাৰে ধনশিৰি মহকুমাৰ এ বি চি চেক্টৰত অসম চৰকাৰৰ অধীনত থকা গাঁওসমূহক নগা ৰাজ্যৰ মাটি বুলি দাবী কৰি উন্নয়নমূলক কাম বন্ধ কৰিবলৈ দাবী জনাইছে। চিঠিখনত উল্লেখ কৰিছে যে অসম চৰকাৰৰ তেল আৰু প্ৰাকৃতিক গেছ খনন, বি এছ এন এলৰ ফাইবাৰ কেবল বিস্তাৰ, আৰু জল জীৱন মিচনৰ কাম-কাজ নগালেণ্ড চৰকাৰৰ অনুমতি অবিহনে হৈছে বুলি। এই অভিযোগৰ আধাৰত নগালেণ্ড চৰকাৰৰ ৰাংলাং মহকুমাৰ মহকুমাধিপতিৰ স্বাক্ষৰিত চিঠি ১৮ ছেপ্টেম্বৰত সীমান্ত দণ্ডাধীশক প্ৰেৰণ কৰা হয়।
এই চিঠি পোৱাৰ পিছত হালধীবাৰী পঞ্চায়তৰ অন্তৰ্গত বামচুকত অ’ এন জি চিয়ে ছয় মাহ পূৰ্বে আৰম্ভ কৰা তেল আৰু প্ৰাকৃতিক গেছ সন্ধানৰ কাম বন্ধ কৰিবলগীয়া হয়। ড্ৰিলিং চাইট বন্ধৰ ফলত সৰুপথাৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
সীমান্তবাসী ৰাইজ শংকিত হৈছে যে যদি একোৱে ব্যৱস্থা নলোৱা হয়, তেন্তে ভৱিষ্যতে নগালেণ্ড চৰকাৰে অসমৰ মাটি নিজৰ বুলি দাবী কৰি অধিক চাপ সৃষ্টি কৰিব পাৰে।
ইপিনে, উৰিয়ামঘাটত সীমান্তত নিয়োজিত চি আৰ পি এফৰ বিৰুদ্ধে পক্ষপাতৰ অভিযোগ উঠিছে। চুতীয়া ছাত্ৰ সন্হাই চি আৰ পি এফ বাহিনীক ধন সংগ্ৰহ, ঘৰ নিৰ্মাণত বাধা আৰোপ, আৰু নগাৰ হৈ পক্ষপাত কৰাৰ অভিযোগ আনে। সংগঠনটোৱে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি সি আৰ পি এফৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ, সীমান্তত দণ্ডাধীশ নিয়োগ, আৰু তৈলখাদসমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনাইছে।
চুতীয়া ছাত্ৰ সন্হাই মুখ্যমন্ত্ৰীক জনোৱা স্মাৰক পত্ৰত ত্ৰি-দিনীয় সময়সীমাৰ ভিতৰত নগা দুৰ্বৃত্তৰ ধন দাবী বন্ধ, সীমান্তৰ উন্নয়নমূলক কামৰ সুৰক্ষা, আৰু সি আৰ পি এফৰ প্ৰকৃত দায়িত্ব পালন নিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।

