গ্ৰীষ্মকালত পিঁয়াজে কেনেদৰে সহায় কৰিব পাৰে, জানেনে ?(Onion) বিগত বছৰত অভিলেখ সৃষ্টি কৰিছিল তাপমাত্ৰা। এইবাৰ অৱশ্যে এপ্ৰিল মাহতে গৰমে স্পৰ্শ কৰিলে। দুপৰীয়া ৰাজপথলৈ ওলাই যাব নোৱাৰি। গৰমত হিট ষ্ট্ৰ’ককে ধৰি বিভিন্ন সমস্যা হ’ব পাৰে। এসময়ত কোৱা হৈছিল যে এনে ‘অত্যন্ত গৰম’ গৰমৰ পৰা ৰক্ষা পোৱাৰ উপায় হিচাপে পিঁয়াজ কাপোৰৰ পকেটত ৰাখিব লাগে। ইয়াৰ দ্বাৰা গৰমৰ অস্বস্তি কমিব বুলি বিশ্বাস কৰা হৈছিল।
পিঁয়াজে হিট ষ্ট্ৰ’ক প্ৰতিৰোধ কৰিব পাৰেনে?
পিঁয়াজ স্পৰ্শ কৰিলে হিট ষ্ট্ৰ’ক প্ৰতিৰোধ কৰিব পৰা যায় বুলি এতিয়ালৈকে কোনো বৈজ্ঞানিক প্ৰমাণ নাই। অৱশ্যে পিঁয়াজে শৰীৰত আৰ্দ্ৰতা বজাই ৰখাত সহায় কৰে। ভাৰতৰ বহু ঠাইত এতিয়াও গৰমৰ দিনত সতেজ পিঁয়াজৰ ৰস খোৱাৰ প্ৰথা আছে। পিঁয়াজত এনে প্ৰাকৃতিক উপাদান থাকে যিয়ে শৰীৰক শীতল কৰি ৰাখে। যেনে কুৱেৰচেটিন আৰু চালফাৰ। কুৱেৰচেটিন আৰু চালফাৰে শৰীৰত ঘাম উৎপন্ন কৰে। সেই ঘামহে অতিৰিক্ত তাপ কমাই শৰীৰক শীতল কৰি ৰাখে।
আমেৰিকাৰ নেচনেল ইনষ্টিটিউট অৱ হেল্থৰ ৱেবছাইটত প্ৰকাশিত এক গৱেষণা পত্ৰতো কোৱা হৈছে যে পিঁয়াজত থকা এন্টিঅক্সিডেন্টে শৰীৰক ফ্ৰী ৰেডিকেলৰ পৰা মুক্ত কৰি ৰাখে। শৰীৰৰ বেছিভাগ ৰোগ আৰু বয়স বৃদ্ধিৰ বাবে ফ্ৰী ৰেডিকেল দায়ী। যাৰ ফলত গৰমত শৰীৰটো আৰু বেছি বেমাৰ হ’ব পাৰে। পিঁয়াজে যদি সেই ফ্ৰী ৰেডিকেলৰ পৰা শৰীৰক ৰক্ষা কৰে তেন্তে শৰীৰৰ যুঁজৰ ক্ষমতা বৃদ্ধি পাব।
গৰমত পকেটত পিয়াঁজ ৰখাতকৈ গৰম প্ৰতিৰোধৰ বাবে পিঁয়াজ খোৱাটো ভাল, আৰু ই কাম কৰাৰ নিশ্চয়তা বহুত বেছি।

