Breaking

পিঁয়াজৰ আছে বহু ঔষধি গুণ…..

0 115

শিয়াল কুকুৰে কামোৰিলে পিঁয়াজ পিহি মৌৰে কামোৰা ঠাইত লেপ দিলে বিষ নষ্ট হয়।২) কাণ বিষালে পিয়াজৰ ৰস গৰম কৰি চাৰিটোপ দিব।৩) বৃশ্চিকে কামোৰিলে পিঁয়াজ কাটি চূণ সানি লগাব।৪) চুলি কোচা কুচিকৈ সৰিলে বা টকৌৱে খালে পিঁয়াজ কাটি ঘঁহিব লাগে।

৫) হেকোঁটিত পিঁয়াজৰ ৰস মৌৰে খাব।৬) শৌচ কচা হ’লে ভাতৰ লগত কেঁচা পিঁয়াজ খাব।৭) এচিডিটিত পিয়াজ ৰস আৰু নেমু ৰস মিলাই আহাৰৰ পিছত খাব।৮) ভোক কমিলে পিয়াজৰ টুকুৰাত নেমু ৰস আটি ভাতৰ লগত খাব।৯) হাগা হ’লে পিঁয়াজ বটি নাভিৰ ওপৰত লেপ দিব আৰু ৰস খাব।১০) গোৰোহা ফাটিলে কেঁচা পিঁয়াজ পিহি লগাব।১১) প্ৰস্ৰাৱ বন্ধ হ’লে পিঁয়াজ কাটি পানীত উতলাই দিনে তিনিবাৰকৈ খাব লাগে।১২) প্ৰস্ৰাৱ জ্বলা পোৰা কৰিলে পিঁয়াজ পানীত উতলাই সেই পানী খাব লাগে।

১৩) মূত্ৰাশয়ত পাথৰ হ’লে পিয়াজৰ ৰসত পুৰণি গুৰ মিলাই ২০/২৫ দিন খালে পাথৰ বাহিৰ হয়।১৪) নাকেৰে তেজ ওলালে পিঁয়াজ ঠেতেলিয়াই শুঙিব লাগে।১৫) শক্তিশালী হ’বলৈ সদায় এচামোচকৈ পিয়াজৰ ৰস আৰু ঘিঁ মিলাই খাব। ঘিঁৰ সলনি দুচামোচ মৌ ল’ব পাৰে।

১৬) ক’লা দাগত পিঁয়াজৰ ৰস লগালে দাগ গুচে।১৭) মৌ আৰু বৰলে কামোৰিলে পিঁয়াজৰ ৰস সানিব লাগে।১৮) পিয়াজৰ ৰস মূৰত লগালে ওকণি নোহোৱা হয়।১৯) উফি হ’লে গা ধুৱাৰ আগত পিঁয়াজৰ ৰসেৰে মূৰ মালিচ কৰিব।২০) মূৰ ঘূৰণিত পিঁয়াজৰ ৰস নাকেৰে শুঙিব লাগে।

Leave A Reply