Breaking

২৯ ফেব্ৰুৱাৰীলৈ মাজত মাথোঁন ৪ দিন! যানবাহন কৰ পৰিশোধ কৰি সুৰক্ষিত যাতায়াত গঢ়ি তোলাৰ আহ্বান পৰিবহণ বিভাগৰ

0 88

যান-বাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰকাটল ২৯ ফেব্ৰুৱাৰীৰ ভিতৰত পৰিশোধ কৰি বাহনৰ নথি-পত্ৰসমূহ নৱীকৰণ কৰিবলৈ পৰিবহণ বিভাগে সময়সীমা নিৰ্ধাৰণ কৰি দিছিল যদিও অধিক সংখ্যক বাহনেই আজিও এই বিষয়টোক গুৰুত্বসহকাৰে গ্ৰহণ কৰা দেখা নাযায় ৷

ব্যক্তিগত, ব্যৱসায়িক বাহনৰ কথাটো বাদেই বিভিন্ন নিৰ্মাণ প্ৰতিষ্ঠান আনকি অসমৰ মাটিত বছৰ বছৰ ধৰি নিৰ্বিবাদে ব্যৱসায়-বাণিজ্য চলাই থকা বৰ্হিৰাজ্যৰ বহুজাতিক প্ৰতিষ্ঠানসমূহৰো অসম চৰকাৰক সময়মতে যানবাহনৰ কৰ আদায় দিয়াত যেন অকণো ভূক্ষেপ আৰু দায়বদ্ধতা নাই। ৰাজ্যৰ উপ-পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ এটা উচ্চপদস্থ বিষয়াৰ অভিযানকাৰী দলে মহানগৰ খনৰ চুকেকোণে অতৰ্কিত অভিযান চলাই দহ হাজাৰৰো অধিক বিভিন্ন বাহনৰ গৰাকী, বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠানত যানবাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ আদায় দিবলৈ জৰুৰী জাননী প্ৰেৰণ কৰাৰ পিছতো এতিয়াও যেন অধিকসংখ্যকৰে এইক্ষেত্ৰত গা লৰা নাই।

বেপৰোৱা মনোবৃত্তিৰ এচাম যানবাহন ব্যৱহাৰকাৰীয়ে চৰকাৰক যান-বাহনৰ কৰ ফাঁকি দি যেন বাঘৰ আগত ছাগে অগাদেৱা কৰাৰ আচৰনতহে লিপ্ত হৈছে ৷ সেয়ে যানবাহনৰ কৰ আদায়ৰ সময়সীমা প্ৰায় শেষ হ’বলৈ ধৰাত বাহনৰ গৰাকীসকলক উদ্দেশ্যি ৰাজ্যৰ উপ পৰিবহণ আয়ুক্ত গৌতম দাসে কয় যে যান-বাহনৰ গৰাকীয়ে দিয়া ৰাজহ এখন কল্যাণকামী ৰাষ্ট্ৰৰ অৰ্থনৈতিক ভেটিৰ অন্যতম শক্তিশালী উৎস ৷

তদুপৰি পথত সুৰক্ষিত যাতায়াত বাহাল ৰখাৰ ক্ষেত্ৰতো এই ৰাজহৰ অৱদান মনকৰিবলগীয়া। কিয়নো সকলো কৰ-কাটল আদায় দিয়াৰ পিচতহে বাহনৰ নথিপত্ৰসমূহ সঠিক হয়। সেয়ে যানবাহনৰ কৰ পৰিশোধ কৰি পথত সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ বাবে উপ-পৰিবহণ আয়ুক্তগৰাকীয়ে কৰ অনাদায়ী বাহনৰ গৰাকী, বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠান আৰু নিৰ্মাণকাৰী সংস্থাৰ প্ৰতি অতি বিনয়েৰে আহ্বান জনায়।

ইফালে এই সময়চোৱাৰ ভিতৰত কৰ আদায় নিদিয়া যানবাহনৰ বিৰুদ্ধে অহা ১ মাৰ্চৰ পৰা “অভিযান ছাৰখাৰ ৩” আৰম্ভ হোৱাৰ কথা তেওঁ পূণৰ সদৰি কৰে। উল্লেখ্য যে, এই সময়চোৱাত জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসৰ নেতৃত্বত বৃহৎ প্ৰৱৰ্তক পৰিদৰ্শক, যানবাহন পৰিদৰ্শকৰ দলে ৰাজধানী মহানগৰ সংযোগী সকলোবোৰ গুৰুত্বপূৰ্ণ পথত পানীনসৰকা তালাচী চলাই কৰ অনাদায়ী বাহনৰ বিৰুদ্ধে অতিৰিক্ত জৰিমনা বিহি বাহনৰ পঞ্জীয়ন বাতিল কৰাৰ লগতে বাহনসমূহ জব্দ কৰি স্ক্ৰেপ কৰিবলৈ পঞ্জীভুক্ত বাহন স্ক্ৰেপেজ ( RVSF) প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰিব।

Leave A Reply