Breaking

“মূৰ থকা সকলেহে হেলমেট পিন্ধে…”

0 40

“আপোনাৰ বাবে আপোনাৰ পৰিয়াল, প্ৰিয়জনে অপেক্ষা কৰি থাকে”, “মটৰ চাইকেল চলাওঁতে হেলমেট পৰিধান কৰক”, “মূৰ থকা সকলেহে হেলমেট পিন্ধে” আদি শ্ল’গানেৰে যোৱা ৯ ফেব্ৰুৱাৰীত মেৰাপানী নগৰত এনেদৰেই হেলমেট পৰিধান নকৰাকৈ বিপজ্জনকভাৱে বাইক চলাই নিজৰ লগতে পৰিয়ালটোলৈ বিপদ মাতি অনা বাইক আৰোহী সকলক সজাগ কৰি দুৰ্ঘটনা ৰোধৰ এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰে মেৰাপানী ফাউণ্ডেশ্যন আৰু সামাজিক উন্নয়ন ফ’ৰামে।

স্বেচ্ছাসেৱী সংগঠন দুটাই পথ দুৰ্ঘটনা ৰোধৰ উদ্দেশ্যৰে মেৰাপানীৰ বিভিন্ন ৰাজহুৱা স্থানত সজাগতা সূচক বেনাৰ, হৰ্ডিং অঁৰাৰ ব্যৱস্থা কৰাৰ লগতে কেইবাটাও ৰাজহুৱা স্থানত পথ সজাগতা সভা অনুষ্ঠিত কৰে। উক্ত সজাগতা অনুষ্ঠানটোত বহুসংখ্যক স্থানীয় ব্যক্তি, বাইক আৰোহী, মেৰাপানী থানাৰ আৰক্ষীৰ লগতে সামাজিক উন্নয়ন ফ’ৰামৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি বৰা, অধিবক্তা যোগেশ ভূঞা, মেৰাপানী সাংবাদিক সংস্থাৰ সম্পাদক তথা মেৰাপানী ফাউণ্ডেশ্যনৰ সচিব হিৰণ্য গগৈৰ লগতে ফাউণ্ডেশ্যনৰ কৰ্মকতা আৰু সাংবাদিকসকল উপস্থিত থাকে।

ধ্ৰুৱজ্যোতি বৰাই সজাগতা সভা সমূহত ব্যক্তব্য ৰাখি ৰাইজক সজাগ কৰাৰ লগতে অধিবক্তা যোগেশ ভূঞাই যান বাহন আইনৰ সম্পৰ্কত কেতবোৰ নীতি নিয়মৰ বিষয়ে জনসাধাৰণক অৱগত কৰে।

Leave A Reply