দৰঙৰ ৰাইজঘাটত মুকলি বিহু প্ৰতিযোগিতা

ৰাইজঘাট আঞ্চলিক যুৱ মঞ্চৰ উদ্যোগত সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতাখন শান্তিপুখুৰী মজলীয়া বিদ্যালয় খেল পথাৰত অনুষ্ঠিত হয়৷দুই বছৰ অন্তত ১২সংখ্যক বিহু প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি প্ৰকৃতিপ্ৰেমী গৌৰীশংকৰ কলিতা; বলেন্দ্ৰৰায় কলিতা আৰু কেইবাজনো বিশিষ্ট ব্যক্তিয়ে গছপুলি ৰোপণ কৰে৷সন্ধিয়া ১২ গছি বন্তি প্ৰজ্বলনৰ মুখ্য প্ৰজ্বলক হিচাবে দৰং জিলা পৰিষদৰ প্ৰাক্তন সদস্য হেমন্ত কুমাৰ ডেকা উপস্থিত থাকি কাৰ্যসূচী ৰূপায়ণ কৰে৷

মুকলি বিহু প্ৰতিযোগিতাৰ নঙলা উদ্ধোধন কৰে পশু বিজ্ঞান চিকিৎসালয় খানাপাৰাৰ সহঃ অধ্যক্ষ পংকজ ডেকাই৷অসমৰ বিভিন্ন জিলাৰ বিহুৰ দলে প্ৰতিযোগিতাত যোগদান কৰা আৰু উপস্থিত ৰাইজৰ পাৰভঙা উৎসাহ দেখি বিহু উদযাপন সমিতিৰ সভাপতি সম্পাদকে উপস্থিত ৰাইজক ধন্যবাদ জ্ঞাপন কৰে৷

Related Articles