Breaking

কৰ্মসংস্থাপনৰ বিকল্প পথ মুকলি : বিত্তমন্ত্ৰী আগষ্টৰ পৰা কাৰ্যকৰী ‘এক দেশ এক ৰেছন কাৰ্ড’

0 110

দৈনন্দিন বাৰ্তা সেৱা :

প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিশেষ দিশত চিন্তা কৰিলে দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে৷ অহা আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ‘এক দেশ এক ৰেছন কাৰ্ড’৷ আজি এই কথা ঘোষণা কৰিলে বিত্তমন্ত্ৰী নিৰ্মালা সীতাৰমনে৷ দেশজুৰি এখন ৰেছন কাৰ্ডৰ বিষয়টো বহু দিন আলোচনা চলি আছিল৷ যোৱা ৩০ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল দেশজুৰি এখন ৰেছন কাৰ্ড প্ৰৱৰ্তন হ’ব৷ বিভিন্ন ৰাজ্যৰ বন্দী হৈ থকা শ্ৰমিকৰ বাবেই এই প্ৰকল্প আৰম্ভ কৰিবলৈ কৈছিল৷ এতিয়া চীল-মোদৰ মাৰি কেৱল আনুষ্ঠানিকতা কৰিবলৈ আছে৷ বিত্তমন্ত্ৰীয়ে জনায় যে এক দেশ এক ৰেছন কাৰ্ড আগষ্টৰ পৰা কাৰ্যকৰী হ’ব৷ ইয়াৰ ফলত ২৩খন ৰাজ্যৰ ৮৩ শতাংশ উপভোক্তা উপকৃত হ’ব৷ বিত্তমন্ত্ৰীৰ ঘোষণা সকলো প্ৰব্ৰজিত শ্ৰমিকৰ অহা দুমাহৰ বাবে বিনামূল্যে খাদ্য সৰবৰাহ কৰা হ’ব৷ যি প্ৰব্ৰজিত শ্ৰমিকৰ ৰেছন কাৰ্ড নাই সেইসকলৰ প্ৰতিজনে ৫ কেজি গম বা চাউল আৰু পৰিয়ালে প্ৰতি এক কেজি ডাইল পাব৷ ইয়াৰ দ্বাৰা ৮ কোটি প্ৰব্ৰজিত শ্ৰমিক লাভান্বিত হ’ব৷ ইয়াৰ বাবে খৰচ হ’ব ৩৫০০ কোটি টকা৷ উল্লেখ্য যে লকডাউনৰ বাবে ৪৫ কোটি প্ৰব্ৰজিত শ্ৰমিকৰ অৱস্থা শোচনীয় হৈ পৰিছে৷ আনহাতে তিনি কোটি কৃষকক ৪.২২ লাখ কোটি টকা ঋণ দিয়া হৈছে৷ তাৰ ইএমআই অহা তিনি মাহ এৰি দিয়া হৈছে৷ শস্য ঋণৰ ওপৰত সুত ১ মাৰ্চৰ ঠাইত ৩১ মে’ পৰ্যন্ত কৰা হৈছে৷ তদুপৰি ২৫ লাখ কিষাণ ক্রেডিট কার্ড আৰম্ভ কৰি হৈছে৷ যোৱা দুমাহত ৬৩ লাখ কৃষি ঋণ দিয়া হৈছে৷ ইয়াৰ মুঠ অংক ৮৬৬০০ কোটি টকা৷ ৩ কোটি মাস্ক আৰু ১.২০ লাখ লিটাৰ ছেনিটাইজাৰ প্ৰস্তুত কৰিছে ১২ হাজাৰ স্বনিৰ্ভৰ গোটে৷ কৰ্মসংস্থাপনৰ বিকল্প পথ মুকলি হৈছে ৷

Leave A Reply