Breaking

অপাৰেচন অজয়ঃ যুদ্ধ বিধ্বস্ত ইজৰাইলৰ পৰা ভাৰতলৈ উভতিল দ্বিতীয়খন উদ্ধাৰকাৰী বিমান…

0 33

অপাৰেচন অজয়ঃ যুদ্ধ বিধ্বস্ত ইজৰাইলৰ পৰা ভাৰতলৈ উভতিল দ্বিতীয়খন উদ্ধাৰকাৰী বিমান।

দ্বিতীয়খন উদ্ধাৰকাৰী বিমাত ২৩৫জন ভাৰতীয় নাগৰিকক ওভতি আহিল নিজ দেশলৈ।

বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু ইজৰাইলত থকা ভাৰতীয় দূতাবাসে টুইট কৰি এই সন্দৰ্ভত তথ্য প্ৰদান কৰে।

দূতাবাসে নিজৰ পোষ্টত কয় যে, ‘এই বিশেষ বিমানখনৰ বাবে পঞ্জীয়নভুক্ত ভাৰতীয় নাগৰিকক আজি দূতাবাসে ইমেইলযোগে প্ৰেৰণ কৰিছে। পৰৱৰ্তী বিমানৰ বাবে আন পঞ্জীয়নভুক্ত লোকলৈ বাৰ্তা প্ৰেৰণ কৰা হ’ব।

৭ অক্টোবৰত হামাছৰ সন্ত্ৰাসবাদীয়ে ইজৰাইলৰ ওপৰত বৰ্বৰ আক্ৰমণ চলাইছিলআৰু প্ৰায় ১ হাজাৰ লোকক হত্যা কৰিছিল। ইয়াৰ পিছত ইজৰাইলে হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে আৰু এতিয়া গাজা ষ্ট্ৰিপত দ্ৰুত বিমান আক্ৰমণ চলাইছে। একে সময়তে হামাছে ইজৰাইলৰ ওপৰতো মাজে মাজে ৰকেট বৰষুণ কৰি আছে। যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা সকলো দেশেই নিজৰ নাগৰিকক ইজৰাইলৰ পৰা উলিয়াই অনাত ব্যস্ত হৈ পৰিছে।

ভাৰতে নিজৰ নাগৰিকসকলক সুৰক্ষিতভাৱে উলিয়াই অনাৰ বাবে অপাৰেচন অজয়ো আৰম্ভ কৰিছে। ইজৰাইলৰ পৰা ভাৰতীয় নাগৰিক ঘূৰি অহাৰ বাবে এই অভিযানৰ প্ৰথমখন বিশেষ বিমান শুকুৰবাৰে পুৱা ২১১ জন প্ৰাপ্তবয়স্ক আৰু এটা কেঁচুৱা লৈ দিল্লীত উপস্থিত হয়। এতিয়া দ্বিতীয় বেটচ আজি পুৱা দিল্লী পাবলৈ গৈ আছে। এই বেটচত ২৩৫ জন ভাৰতীয় নাগৰিক অন্তৰ্ভুক্ত।

Leave A Reply